Share on Facebook

MISING LUTAD GROUND ZERO REPORT FROM JONAI RAMDHAN DIKHARI

 ধেমাজী জিলাৰ জোনাই মহকুমাৰ উন্নয়নে ঢুকি নোপোৱা ৰামধন দিখাৰী গাৱঁ পঞ্চায়তৰ বিশখনৰো অধিক গাওঁ ৷




  জোনাই মহকুমা সদৰ পৰা ২৪ (24) কিলোমিটাৰ দূৰত্বত অৱস্হিত ৰামধন দিখাৰী গাৱঁ পঞ্চায়ত ৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা তিনি কিলোমিটাৰ ভিতৰৰ প্ৰায়  ৩০  হেজাৰ জনসংখ্যা থকা পঞ্চায়ত খনৰ কুৰিৰো অধিক গাৱঁৰ অধিক জনসাধাৰণে স্বাধীনতাৰ সাত দশক পিছতো উন্নয়নৰ মূখ দেখা নাই ৷ জ'নাই অঞ্চলৰ অতি পূৰনি গাৱঁখন ১৯৫০ চনৰ বৰ ভূমিকম্পৰ পিছত আজিৰ এই ঠাইত স্হায়ীকৈ থাকিবলৈ আৰম্ভ  কৰে ৷ তাৰ আগতে মহাবাহু ব্ৰহ্মপুত্ৰ পাৰৰ মেচাকী চাপৰি আৰু বিভিন্ন ঠাইৰ পৰা আহি বৰ্তমান বৃহৎ গাৱঁখন গঢ়লৈ উঠিছে ৷ ৰামধন দিখাৰী গাৱঁখন হৈছে জ'নাই অঞ্চলৰ অতি পুৰণি ৩২ খন গাৱঁৰ অন্যতম গাৱঁ ৷


 বৰ্তমান ইয়াত এখন মধ্য ইংৰাজী বিদ্যালয় , কেবাখনো প্ৰাথমিক বিদ্যালয় , এখন বেচৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয় , ১৯৫৫ চনত স্হাপন কৰা এখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু দুখনকৈ বিশুদ্ধ খোৱা পানীৰ আচনি আদি আছে ৷ যদিও তাৰে একমাত্ৰ স্বাস্থ্য কেন্দ্ৰৰ এমবোলেনচ খন বহুদিনৰ পৰাই বিকল হৈ আছে ৷ সেয়ে ৰোগী সকলে উন্নত চিকিৎসাৰ বাবে 

 যমৰ যাতনা ভুগিব লগীয়াত পৰিছে ৷ সেয়ে ৰাইজে এখন নতুন Ambulance ৰ ব্যৱস্থা কৰি দিবলৈ চৰকাৰক দাবী জনাইছে ৷ আনফালে নামত দুটাকৈ বিশুদ্ধ খোৱা পানী যোগানৰ আচনি আছে যদিও নামতহে আছে , ৰাইজক এটুপিও খোৱা পানী যোগান ধৰিবলৈ সক্ষম হোৱা নাই ৷


 অতি গুৰুত্বপূৰ্ণ বিষয়টো হল বহি ৰাইজৰ লগত যোগাযোগ কৰিবলৈ একমাত্ৰ পথটো প্ৰায় ১৩ বছৰ আগতে পকীকৰণ কৰা হৈছিল যদিও অতি নিম্নমানৰ কামৰ বাবে কম সময়তে জহিখহি গৈছে ৷ সেয়ে স্হানীয় ৰাইজে  ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৰামধন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ যোৱা একমাত্ৰ গুৰুত্বপূৰ্ণ  পথটিৰ ওপৰিও যোৱাটো বানত জহিখহি যোৱ কেবাটাও কালৰ্ভাট আৰু পথ   PHC ৰ পৰা বগৰী চাপৰি , বদলপুৰ , পাকুৰীগুৰী , উলুৱনি, মোলান , কৰ্নপুৰ , মেচাকি চাপৰি ,  গইলা নলা ,দ'ম কল ঘাট আদি কেবাখনো গাৱৰ একমাত্ৰ যোগাযোগৰ পথটি  অতি শীঘ্ৰে    মেৰামতি কৰি যোগাযোগ সুচল কৰি দিবলৈ চৰকাৰৰ ওচৰত  দাবী জনাইছে ৷

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post