ধেমাজী জিলাৰ জোনাই মহকুমাৰ উন্নয়নে ঢুকি নোপোৱা ৰামধন দিখাৰী গাৱঁ পঞ্চায়তৰ বিশখনৰো অধিক গাওঁ ৷
জোনাই মহকুমা সদৰ পৰা ২৪ (24) কিলোমিটাৰ দূৰত্বত অৱস্হিত ৰামধন দিখাৰী গাৱঁ পঞ্চায়ত ৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা তিনি কিলোমিটাৰ ভিতৰৰ প্ৰায় ৩০ হেজাৰ জনসংখ্যা থকা পঞ্চায়ত খনৰ কুৰিৰো অধিক গাৱঁৰ অধিক জনসাধাৰণে স্বাধীনতাৰ সাত দশক পিছতো উন্নয়নৰ মূখ দেখা নাই ৷ জ'নাই অঞ্চলৰ অতি পূৰনি গাৱঁখন ১৯৫০ চনৰ বৰ ভূমিকম্পৰ পিছত আজিৰ এই ঠাইত স্হায়ীকৈ থাকিবলৈ আৰম্ভ কৰে ৷ তাৰ আগতে মহাবাহু ব্ৰহ্মপুত্ৰ পাৰৰ মেচাকী চাপৰি আৰু বিভিন্ন ঠাইৰ পৰা আহি বৰ্তমান বৃহৎ গাৱঁখন গঢ়লৈ উঠিছে ৷ ৰামধন দিখাৰী গাৱঁখন হৈছে জ'নাই অঞ্চলৰ অতি পুৰণি ৩২ খন গাৱঁৰ অন্যতম গাৱঁ ৷
বৰ্তমান ইয়াত এখন মধ্য ইংৰাজী বিদ্যালয় , কেবাখনো প্ৰাথমিক বিদ্যালয় , এখন বেচৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয় , ১৯৫৫ চনত স্হাপন কৰা এখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু দুখনকৈ বিশুদ্ধ খোৱা পানীৰ আচনি আদি আছে ৷ যদিও তাৰে একমাত্ৰ স্বাস্থ্য কেন্দ্ৰৰ এমবোলেনচ খন বহুদিনৰ পৰাই বিকল হৈ আছে ৷ সেয়ে ৰোগী সকলে উন্নত চিকিৎসাৰ বাবে
যমৰ যাতনা ভুগিব লগীয়াত পৰিছে ৷ সেয়ে ৰাইজে এখন নতুন Ambulance ৰ ব্যৱস্থা কৰি দিবলৈ চৰকাৰক দাবী জনাইছে ৷ আনফালে নামত দুটাকৈ বিশুদ্ধ খোৱা পানী যোগানৰ আচনি আছে যদিও নামতহে আছে , ৰাইজক এটুপিও খোৱা পানী যোগান ধৰিবলৈ সক্ষম হোৱা নাই ৷
অতি গুৰুত্বপূৰ্ণ বিষয়টো হল বহি ৰাইজৰ লগত যোগাযোগ কৰিবলৈ একমাত্ৰ পথটো প্ৰায় ১৩ বছৰ আগতে পকীকৰণ কৰা হৈছিল যদিও অতি নিম্নমানৰ কামৰ বাবে কম সময়তে জহিখহি গৈছে ৷ সেয়ে স্হানীয় ৰাইজে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৰামধন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ যোৱা একমাত্ৰ গুৰুত্বপূৰ্ণ পথটিৰ ওপৰিও যোৱাটো বানত জহিখহি যোৱ কেবাটাও কালৰ্ভাট আৰু পথ PHC ৰ পৰা বগৰী চাপৰি , বদলপুৰ , পাকুৰীগুৰী , উলুৱনি, মোলান , কৰ্নপুৰ , মেচাকি চাপৰি , গইলা নলা ,দ'ম কল ঘাট আদি কেবাখনো গাৱৰ একমাত্ৰ যোগাযোগৰ পথটি অতি শীঘ্ৰে মেৰামতি কৰি যোগাযোগ সুচল কৰি দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে ৷