Share on Facebook

TMPK ৰ সোণালীজয়ন্তী উদযাপনৰ লাইখুঁটা স্হাপন ৷

 

  জনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত TMPKৰ সোণালীজয়ন্তী উদযাপনৰ প্ৰথম কাৰ্যসূচীৰ আজি লাইখুঁটা স্হাপন কৰে ৷



৭ জানুৱাৰী তাৰিখে বৰ্ষযোৰা সোণালীজয়ন্তী উদযাপনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হব ৷ 

এই উপলক্ষে আজি জ'নাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত  মিচিং পৰম্পৰাগত নিয়মেৰে 

অভ্যৰ্থনা সমিতিৰ সভাপতি তথা MAC কাৰ্যবাহী সদস্য  মিচিং বানে কেবাঙৰ সাধাৰণ সম্পাদক ৰাজু 

মেদক , JHSS অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰতাপ চন্দ্ৰ পাৱ , পূব জনাই জিলা পৰিষদৰ সদস্য অতুল পেগু 

আৰু ৩০ জন গাম অৰ্থাৎ গাওবুঢ়াৰ উপস্থিতিত  লাইখুঁটা স্হাপন কৰা হয় ৷ 

জনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজি শুভাৰম্ভ কৰা স্হায়ী মঞ্চখন পূব জ'নাই জিলা পৰিষদৰ Fifteen finance আচনিৰ পৰা  দহ লাখ টকা আৱন্তন দিয়া বাবে পৰিষদৰ সদস্য অতুল পেগুক TMPKৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজ কুমাৰ মৰাঙে  ধন্যবাদ জ্ঞাপন কৰিছে ৷ 

  আজিৰ এই কাৰ্যসূচীত TMPK ৰ প্ৰতিষ্ঠাপক সদস্য তথা অৱসৰপ্ৰাপ্ত শিক্ষক ৰঞ্জিত দলে , সমাজকৰ্মী নন্দেশ্বৰ ৰেগন , জ'নাই  বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰাজেশ্বৰ পেগু , সুৰুয দলে , খগেশ্বৰ পেগু , মহেশ পেগু আদি কেবাজনো জেষ্ঠ্য ব্যক্তিৰ উপৰিও AASU ৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ৰাজীব গগৈ আৰু কেবাজনো আছুকৰ্মীৰ লগতে বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দ, কেবাটাও মিচিং কৃস্তি দলসহ প্ৰায় পাচশৰো অধিক ৰাইজে অংশগ্ৰহণ কৰে ৷ 

 অভ্যৰ্থনা সমিতিৰ সম্পাদক তথা MAC ৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাঙে আটধৰা আজিৰ লাইখুঁটা স্হাপন কাৰ্যসূচীত আগন্তুক সোণালীজয়ন্তী বৰ্ষ উদযাপনৰ সমূহ কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে সকলোশ্ৰেণীৰ ৰাইজক সহযোগিতা কৰিবলৈ আহ্বান জনাই ৷


MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post