অসমৰ জনগোষ্ঠীৰ ভিতৰত দেউৰী সকল অন্যতম।
ঢকুৱাখনাৰ একমাত্ৰ বালি দেউৰী গাঁৱত পৰম্পৰাগত ভাৱে ভোগালী বিহু উদযাপন কৰা হয়। মাঘ মাহৰ প্ৰথমটো বুধবাৰে মাঘ ভোগালী বিহু উৎসৱ পালন কৰে। অসমৰ জনগোষ্ঠীয় দেউৰী সকলে নিজা নিয়ম অনুসৰি কুণ্ডি মামা থানৰ পৰা পূজা আনি মেজি সজা কাম আৰম্ভ কৰে। ৰাতি লৈ ডেকা সতে ভোজভাত খাই ৰং ধেমালি কৰে । পিছদিনা মেজি জ্বলাই।