মিচিং জনগোষ্ঠীৰ কৃষি ভিত্তিক উৎসৱ আলি আয়ে লিগাং সমাগত ।
অসমৰ চুকে কোণে থকা মিচিং জনগোষ্ঠীৰ লোক সকলে ফাগুন মাহৰ প্ৰথম বুধবাৰে অনুষ্ঠিত কৰে কৃষিভিত্তিক উৎসৱ আলি আয়ে লিগাং ।
আলি আয়ে লিগাঙক লৈ অসমৰ বিভিন্ন প্ৰান্তত প্ৰস্তুতি চলি থকাৰ সমান্তৰালকৈ হেলেমৰ বুৰৈ অঞ্চলৰ লেপেটা পাৰা গাৱঁৰ ডেকা গাভৰু, জীয়ৰী-বোৱাৰী সকলেও উলহ মালহেৰে পালন কৰিব আলি আয়ে লিগাং।
তাকে লৈ সকলো ব্যস্ত হৈ পৰিছে খৰি ফলা, পঃৰ আপং ( চাই মদ) প্ৰস্তুত কৰাত। চাওঁ আহক মিচিং চাই মদ কিদৰে প্ৰস্তুত কৰে।