মই মিচলীয়া নহয়। মই আপোনালোকৰ আৰ্শীবাদত যেনেদৰে আপোনালোকৰ আশা প্ৰত্যাশা লৈ প্ৰতিস্তুতি প্ৰদাণ কৰো সেই প্ৰতিস্তুতি সকলো সময়তে ৰূপায়ণ কৰিবলৈ বদ্ধ্য পৰিকৰ ।
মাজুলীৰ দৰিয়া পাৰস্থিত মাজুলী মহাবিদ্যালয়ৰ এক বিশাল জন-সভাত মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এনেদৰে কয় ।
মাজুলীৰ বহু প্ৰত্যাসিত মাজুলী যোৰহাট সংযোগী দলঙৰ প্ৰথম পৰ্য্যায়ৰ চাৰিটা ডাঙৰ ডাঙৰ কোম্পানীক কাৰিকৰী নিবিদা কাম ইতিম্যধে সম্পন্ন হৈছে আৰু তিনিদিনৰ পিছত বিত্তীয় নিবিদা দিশ সমূহ চালি জাৰি চাই কোনো এক নিৰ্মাণ প্ৰতিস্থানক দলং নিৰ্মাণৰ বাবে চূড়ান্ত দায়িত্ব প্ৰদাণ কৰা হ'ব।
নিশ্চিত ভাবে অহা ২০ ফেব্ৰুৱাৰী ভিতৰত মাজুলী যোৰহাট সংযোগী দলংৰ কাম আৰম্ভ হোৱা সম্ভাৱনা আছে। ইতিমধ্যে মাজুলী আৰু যোৰহাট দুয়োখন জিলাৰ জিলা প্ৰশাসনে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক দলং নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা দুয়ো পাৰৰ ভূমিৰ জৰীপ সম্পন্ন কৰি দিয়া বুলি সাংৱাদিকৰ আগত মূখ্যমন্ত্ৰী জনে মতপোষণ কৰে।
ইয়াৰ উপৰিও মূখ্যমন্ত্ৰী জনে চৰকাৰৰ নিতী নিৰ্দেশনাৰ ওপৰত গুৰুত্ব আৰোপ কৰি দলং নিৰ্মাণৰ যাবতীয় দিশ সমূহ পৰ্যালোচনা কৰি যাব বুলি উল্লেখ কৰে।