নদী দ্বীপ মাজুলীৰ ইতিহাসৰ আজিৰ দিনতো এক যুগান্তকাৰী আৰু প্ৰগতি কামি দিন ।
যাতায়ত ব্যৱস্থাৰে দূৰ্গম বিশ্বৰ বৃহত্তম নদী দ্বীপ জিলা মাজুলীক বায়ু পথেৰে সংযোগীত হ'ল আজি দিনতো।
মাজুলীক বহিঃ জগতৰে কম সময়ৰ ভিতৰত যোগাযোগৰ কাৰণে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উন্নয়নৰ এক উজ্জল প্ৰমাণ দাঙি ধৰি আজি পুৱা ১০ -৩০ বজাত মাজুলী জিলা সদৰ গৰমুৰৰ নতি দূৰৈত অৱস্থিত বৰবাৰীত উদ্ধোধন কৰিলে হেলুপৰ্ট ।
ইয়াৰ সামান্তৰাল ভাৱে মূখ্যমন্ত্ৰীয়ে উদ্ধোধন কৰিলে হেলিপৰ্টৰ অতিথি গৃহ।
হেলিপৰ্ট উদ্ধোধন কৰি মূখ্যমন্ত্ৰী জনে সাংবাদিকৰ আগত কয় চৰকাৰে লোৱা আচঁনী সমূহ সদব্যৱহাৰ কৰি মাজুলী বাসীৰ সক্ৰিয় সহযোগিতা আজি অসমৰ প্ৰথমটো হেলিপৰ্ট নিৰ্মাণ কৰা হৈছে।