এতিয়া পলাশ - শিমলু - মদাৰ- কম্বং ফুলেৰে ৰাঙলী হৈছে আকাশ , চৌদিশ ; ফাগুন আহিছে ; যেন লৃগাঙৰহে বতৰা কঢ়িয়াই আনিছে ৷ কৃষিয়েই মিচিং সকলৰ জীৱন - জীৱিকা আছিল ৷ হাবি - জংঘল কাটি কৰা খেতিৰ সু - ফচল পোৱাৰ আশাৰে প্ৰত্যেক বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰে মিচিং সকলে ' আলি আঃয়ে লৃগাং ' কৃষিভিত্তিক জাতীয় উৎসৱ উদযাপন কৰি আহিছে ৷ আলি মানে ' মূল বা আলু ' আঃয়ে মানে " গুটি " আৰু লৃগাং হৈছে " সিচা বা ৰোৱাৰ " আৰম্ভণি ৷ অৰ্থাৎ শস্যৰ গুটি বা বীজ সিচাৰ আৰম্ভণি উৎসৱ ৷ তাকেলৈ এতিয়া ব্যস্ত সমগ্ৰ মিচিং গাওঁ সমূহ ৷
আলি আঃয়ে লৃগাঙক চমুকৈ "লৃগাং " বুলি কয় ৷ লৃগাঙৰ দিনা ঘৰৰ মুৰব্বীয়ে পুৱাতে দা - কোৰ লৈ বীজ বা কঠীয়াৰ সৈতে পথাৰত উপস্থিত হয় ৷ আগতে চহাই ঠিক কৰি যোৱা ঠাইডোখৰত বীজ বা কঠীয়াখিনি সিচি থৈ আহে ৷ ইয়াকে লিগ্গদ বা বীজ ৰোপণৰ আৰম্ভণি বুলি কয় ৷
সাধাৰণতে পুৰাং আপিন ( তৰা পাতত টোপোলা কৰি সিজোৱা বৰা চাউলৰ ভাত ) মাছ - মাংস আপং আৰু আদা - নহৰু সনা শুকান মাছৰ গুড়িৰে অতিথিক আপ্যায়ন কৰে ৷
সন্ধিয়া নমাৰ লগে লগে ডেকা - গাভৰু সকলোৱে সজ্জিত জাতীয় সাজ - পোচাকৰে লৃগাং চঃমান অৰ্থাৎ গুমৰাগ চঃমান কৰে ৷ গুমৰাগ চঃমানত মিচিং জনগোষ্ঠীৰ দৈনন্দিন জীৱন শৈলীৰ প্ৰতিফলন ঘটে ৷ যেনে - চিকাৰ কৰা , নাওবোৱা , মাছধৰা , তাঁতবোৱা , খেতিকৰা - চপোৱা ইত্যাদি নৃত্যৰ জৰিয়তে সুন্দৰকৈ প্ৰদৰ্শন কৰে ৷এই নৃত্য শাৰী শাৰীকৈ ডেকা - গাভৰুৱে বৃত্তাকাৰে নাচে ৷ ঘৰে ঘৰে গুমৰাগ চঃমান শেষ কৰি বিদায়ী ভোজ খোৱাৰ পিছত উৎসৱৰ বাকী কেইদিন গেনা পালন কৰে ৷ শস্যৰ বীজবিলাক যেতিয়া গজালি মেলে , সেইদিনা ইষ্ট দেৱতাক স্মৰণ কৰি জুইশালত পঃৰ আপং বাকি গেনাভাঙী লৃগাঙৰ বন্ধন উঠাই দিয়ে ৷ পিছ দিনাৰ পৰা সকলো ৰাইজে মহা উদ্যামেৰে কৃষিকৰ্মত ব্ৰতী হয় ৷
আলি আঃয়ে লৃগাঙে অতীজৰে পৰা মিচিং জনগোষ্ঠীৰ পৰিচয় বহন কৰি আহিছে আৰু ভৱিষ্যতেও বহন কৰি থাকিব ৷