ঢকুৱাখনাত TMPK ৰ সোণালী জয়ন্তী বৰ্ষ প্ৰস্তুতি তুংগত
মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰা হৈছে অৰণ্য মানৱ যাদৱ পায়েঙক
দুদিনীয়া কাৰ্য সূচীৰে আয়োজন কৰা সোণালী জয়ন্তী ৰূপায়ণৰ বাবে উদ্যোগতা সকলে ইতিমধ্যে তৎপৰতাৰে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। টাকাম মিছিং পৰিণ কৌবাং সোণালী জয়ন্তী বৰ্ষ উপলক্ষে ইতিহাসে গঢ়কা মাতমৰা স্হিত অল আসাম মিৰি খেল পথাৰত ব্যতিক্ৰমী ধৰ্মী, মঞ্চ মণ্ডপ , অতিথি শালা ,সু-উচ্চ তোৰণ আদি নিৰ্মাণ কৰা হৈছে। অন্যহাতে আটক ধুনীয়াকৈ সজাই তোলা হৈছে মূল মণ্ডপ। টাকাম মিচিং পৰিণ কৌবাঙে যুদ্ধংদেহি তৎপৰতাৰে শুভাৰম্ভণি সফল কৰি তুলিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে । এই কাৰ্য সূচীত বিভিন্ন জাতি জনজাতীয় ,আৰু জনগোষ্ঠীৰ তথা বিশিষ্ট নেতাই অংশগ্ৰহণ কৰিব। তদুপৰি টাকাম মিচিং পৰিণ কৌবাংৰ প্ৰাক্তন নেতৃস্হানীয় লোক উপষ্ঠিত থকাৰ লগতে অভ্যৰ্থনা সমিতিৰ ৩০ হাজাৰ অতিথি আপ্যায়নৰ বাবে ভোজনালয়ত একেলগে ,৫ হাজাৰ মানুহ একেলগে আহাৰ গ্ৰহণৰ সু-ব্যৱস্থা কৰা হৈছে। টাকাম মিচিং পৰিণ কৌবাঙে সফল মঞ্চস্থ কৰাত জাতি, বৰ্ণ, ভাষা ,ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতাৰ বাবে TMPKৰ অভ্যৰ্থনা কমিটিয়ে কামনা কৰিছে।