ফাগুনৰ প্ৰথমটো বুধবাৰে মিচিং জনগোষ্ঠীৰ লোকসকলে ৰাজ্যজুৰি উদযাপন কৰিব আলি আঃয়ে লৃগাং।
১৭ ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চাকালয় উদ্যোগত লখিমপুৰ জিলা প্ৰশাসন আৰু মিচিং জাতীয় সংগঠনৰ সহযোগত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ঢকুৱাখনাত ব্ৰহ্মপুত্ৰ মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰিব কেন্দ্ৰীয় আলি আঃয়ে লৃগাং
এই উপলক্ষে ইতিমধ্যে ব্যাপক প্ৰস্তুতি চলিছে।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
কেন্দ্ৰীয় ভাৱে ৰাজ্য চৰকাৰে পঞ্চম বাৰৰ বাবে আয়োজন কৰা আলি আঃয়ে লৃগাঙত শকুন্তলা গামলিঙৰ লগতে বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিয়ে অংশগ্ৰহণ কৰিব।
অনুষ্ঠানটো সফল ৰূপায়ণৰ বাবে সকলো লোককে আমন্ত্ৰণ জনাইছে আয়োজক সমিতিয়ে।