বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজালৈ মাজত মাথো এটা দিন বাকী।
সৰস্বতী বন্দনাৰে মুখৰিত হ'ব বিদ্যালয় সমূহ। বাগ দেৱীৰ চৰণত সেৱা ল'বলৈ সাঁজু হৈছে ছাত্ৰ ছাত্ৰী সকল।
তাৰ সমান্তৰালকৈ গহপুৰতো দেখা গৈছে মৃৎ শিল্পী সকলৰ ব্যস্ততা। গহপুৰত শিল্পালয় সমূহত সৰস্বতী
দেৱী প্ৰতিমাক শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে মৃৎ শিল্পী সকল।
যোৱাটো বছৰত ক'ৰোনাই কোঙা কৰা মৃৎ শিল্পী সকলৰ মুখত এতিয়া কিছু হাঁহি বিৰিঙছে।
পাঁচশ টকাৰ পৰা পাঁচ হাজাৰ টকালৈকে প্ৰতিমা সমূহৰ মূল্য নিদ্ধাৰন কৰিছে মৃৎশিল্পী সকলে।