হাজাৰ হাজাৰ মিচিং মৃমবৃৰ -য়ামেৰ দ্বিতীয় তথা অন্তিমটো
কাৰ্য সূচীৰে উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি হ'ল মাতমৰাৰ অল আচাম মিৰি উচ্চতৰ মাধ্যমিক খেল পথাৰত।
অৰণ্য মানৱ যাদৱ পায়েংৰ ভাষণ প্ৰসঙ্গত নিজৰ জীৱনৰ কথা কৈ মানুহৰ প্ৰকৃতিৰ লগত কেনেধৰণৰ সম্পৰ্ক সেই কথা অৱগত কৰে।
ইয়াৰ পূৰ্বে আজি দুপৰীয়া মুকলি সভা উদ্বোধন কৰে মিচিং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পৰমানন্দ চায়েঙীয়াই।
তাৰ পিছতে অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা মুখপত্ৰ "Ai'n le'kor" উন্মোচন কৰে মিচিং সাহিত্য সভাৰ সভাপতি ডাঃ গোবিন টাইদে।
অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই মিচিং জনগোষ্ঠীৰ স্বাধিকাৰ আৰু বিভিন্ন সমস্যাৰ হকে মাত মাতি তথা সংগ্ৰাম চলাই থকা ছাত্র সংগঠনটোক বহুত বহুত ধন্যবাদ জনায় । অসমৰ আন বহুকেইটা জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ নেতৃত্বই অংশ গ্ৰহন কৰাৰ লগতে সাংস্কৃতিক দলে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে।