আজি মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং।
অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চাকালয় উদ্যোগত লখিমপুৰ জিলা প্ৰশাসন আৰু মিচিং জাতীয় সংগঠনৰ সহযোগত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে এইবাৰ ১৭ ফেব্ৰুৱাৰী তাৰিখে ঢকুৱাখনাত ব্ৰহ্মপুত্ৰ মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা হৈছে কেন্দ্ৰীয় ভিত্তিত আলি আঃয়ে লৃগাঙ।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হেলিপেডৰ পৰা নমাৰ লগে লগে ৬০০ গৰাকী মিচিং যুৱতীয়ে নৃত্য প্ৰদৰ্শনৰে আদৰণি জনায়।
তাৰ পিছতে মুখ্যমন্ত্ৰীয়ে শস্য সিঁচা কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুৰংঘৰত প্ৰৱেশ কৰে।
কেন্দ্ৰীয় ভাৱে ৰাজ্য চৰকাৰে পঞ্চম বাৰৰ বাবে আয়োজন কৰা আলি আঃয়ে লৃগাঙত সাংস্কৃতিক মন্ত্ৰী নৱকুমাৰ দলে, মিচিং জনগোষ্ঠীৰ প্ৰথম মহিলা IAS বিষয়া শকুন্তলা দলে, লখিমপুৰ জিলাৰ সাংসদ প্ৰদান বৰুৱাকে ধৰি কেইবাগৰাকী বিধায়ক, সংগঠনৰ সভাপতি আৰু বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।