অসম বচাও আহক কাৰ্যসূচীলৈ জোনাইত উপস্থিত কংগ্ৰেছ নেতা নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈ ৷
এপাক গুমঃৰাগ চঃমান নাচিলে আলি আয়ে লৃগাঙ উপলক্ষে ৰাইজৰ লগত ৷
বি জে পিক চাইনিজ মাগুৰ লগল তুলনা কৰি তুলাধুনা দিয়ে ৷
আজি অসম বচাও কাৰ্যসূচীলৈ কংগ্ৰেছ নেতা প্ৰদ্যুত বৰদলৈয়ে জোনাইত এটা ৰোড show ত অংশগ্ৰহণ কৰে ৷ জোনাই নেপালী বস্তি অৰ্থাৎ মিগম দঃলুঙৰ পৰা আৰম্ভ হোৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিভিন্ন শ্ৰেণীৰ ৰাইজৰ লগত মত বিনিময় কৰে ৷
শেষত জোনাই ফ্ৰানচালিয়ান স্কুলৰ শিক্ষক - ছাত্ৰছাত্ৰী লগত মত বিনিময় কৰাৰ উপৰিও বিজয়পুৰিষ্ট কৃষ্ণগুৰু মন্দিৰত আশীৰ্বাদ লৈ ৰাইজৰ লগত লৃগাং উপলক্ষে এপাক গুমৰাগ চঃমানত ভাগ লয় ৷
আজিৰ এই কাৰ্যসূচীত কংগ্ৰেছ নেতা সঞ্জয় পেগু , মহাবীৰ পায়েং , প্ৰভাৱতী পেগু , কলিং দলে , ৰনোজ পেগু , সুশীল পেগু , বিজয় পেগু , মিগম পেগু, হেমহৰী পেগু , প্ৰশলাদ চাৰহ , বিজু পেগু , শংকৰ দে , ৰাজিৱ পেগু , হিতেশ পেগু, ৰাজীৱ টায়েৰ উপৰিও শতাদিক ৰাইজে অংশগ্ৰহণ কৰে ৷
জোনাইৰ পৰা দিগন্ত লিচাং পেগু ৰিপৰ্ট