20/6/2021 তাৰিখ দেওবাৰে পহুমৰা শাখা সাহিত্য সভাৰ উদ্যোগত স্পদন সংগীত বিদ্যালয়ৰ প্ৰাংগনত কলা গুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ 52 তম ৰাভা দিৱসটি চৰকাৰী ক'ভিড পটকলৰ নীতি- নিয়ম মানি পালন কৰা হয়।
অনুষ্ঠান খনিৰ আত ধৰে পহুমৰা শাখা সাহিত্য সভাৰ সম্পাদক দেৱজিৎ টায়ে কলা গুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱক শ্ৰদ্ধা জনাই পুষ্প অৰ্পণ কৰি গভীৰ শ্ৰদ্ধা জনাই পহুমৰা শাখা সাহিত্য সভাৰ সভাপতিদীপক বৰদলৈ দেৱে।
গুৰুজনাক শ্ৰদ্ধাৰে স্মৰণ কৰি বক্তব্য প্ৰদান কৰে শাখা সাহিত্য সভাৰ প্ৰাক্তন সভানেত্রী প্ৰভাৱতী হাজৰিকা ,শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সম্পাদক কমল বৰা শাখাৰ প্ৰাক্তন সভানেত্রী ৰেনুপ্ৰভা মৰাং, মিচিং আগম কৌবাঙৰ গ্ৰন্থাগাৰিক নিৰ্মল নৰহ,
স্পন্দন পৰিচালিকা মাকন ভৰালী, দীনেশ দুৱৰা,বিতুল হাতী বৰুৱা, লুকুমনি গগৈ,স্বৰ্ণ মোহন টায়ে আদি বিশিষ্ট ব্যক্তি সকলে অনুষ্ঠানত অংশগ্ৰহণ কৰে। কবিতা আবৃত্তি কৰে ধ্ৰুৱজোতি গগৈ,সংগীত পৰিৱেশন কৰে
চয়নিকা গগৈ আৰু নিশিতা দত্তই।
