ধেমাজি গেৰুকামুখ স্থিত বংহৎ নদীবান্ধ নিৰ্মাণকাৰী সংস্থা এন এইচ পি চি ৰ অতিথিশালাত অনুষ্ঠিত হোৱা যোগ দিৱসত অংশগ্ৰহণ কৰে মৰিয়নি সমষ্টি ৰ বিধায়ক ৰুপজ্যোতি কুৰ্মীয়ে ।
তাৰ পাছতে বিজেপি চৰকাৰৰ বিশেষ অনুষ্ঠানত কংগ্ৰেছৰ মৰিয়নি সমষ্টি ৰ বিধায়ক ৰুপজ্যোতি কুৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টিত মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আনুষ্ঠানিকতাৰে যোগদান কৰিলে ।
মুখ্যমন্ত্ৰীয়ে গামোচা পিন্ধাই দললৈ আদৰণি জনালে ৰুপজ্যোতি কুৰ্মীক ।
ৰুপজ্যোতি কুৰ্মীয়ে হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধোৱাৰ লগতে এপাত ত্ৰীশূল উপহাৰ হিচাপে দান কৰে।
বিজেপি দলত যোগদান কৰি ৰুপজ্যোতি কুৰ্মীয়ে কয় আৰু হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিব বিজেপিত ।
যোগদানৰ সময়ত ৰুপজ্যোতি কুৰ্মীৰ সহধৰ্মিণী পুত্ৰ আৰু কন্যা উপস্থিত থাকে ।