Share on Facebook

মাজুলীতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন । বিশ্বনাথৰ গহপুৰ মহকুমাত সৰ্বাধিক কভিডত আক্ৰান্ত।

 আজি পুৱাৰে পৰা দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো দেখা গ’ল যোগ সাধনাৰ বিভিন্ন কাৰ্যসূচী। 

সত্ৰ নগৰী মাজুলীতো পালন কৰিলে যোগ দিৱস। 



 পুৱাৰে পৰা সম্পূৰ্ণ কভিড নিয়ম মানি মাজুলী জকাই বোৱা কলিয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত

 মাজুলী জিলা ভাৰতীয়  জনতা পাৰ্টীৰ উদ্যোগত আৰু অনুসুচিত জনজাতি মৰ্চাৰ সহযোগত   উদযাপন কৰে আন্তঃৰাষ্ট্ৰীয় যোগদিৱস। 

অনুষ্ঠানটোত উপস্থিত থাকে মাজুলী জিলা বিজেপি সভাপতি লোকনাথ কুটুম মাজুলী বিজেপিৰ সম্পাদক

 দেৱবত্ত দত্তকে  ধৰি বিজেপি দলৰ কৰ্মী সকল,  অনুসূচিত জনজাতি মৰ্চাৰ কৰ্মী সকলৰ লগতে স্বানীয় লোকে এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশ গ্ৰহণ কৰে। 

ক'ভিডে ভয়াবহ ৰূপ ধাৰন কৰিছে বিশ্বনাথৰ গহপুৰত। কেৱল গহপুৰ মহকুমাতে পোন্ধৰশ বাইছ

 গৰাকী ক'ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ১৪ গৰাকী ক'ভিডত আক্ৰান্ত হৈ  বৰ্তমানলৈকে মৃত্যু

 ঘটিছে।অসমৰ মূখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৭ খন জিলাক ১০ দিনৰ বাবে লক ডাউনৰ কথা

 দুলীয়াজানত কোৱাৰ পিছতেই বিশ্বনাথৰ গহপুৰীয়া ৰাইজে পূৰ্ন সৰ্মথন জনাইছে সম্পূৰ্ন লকডাউনৰ

 প্ৰতি। ল'ক ডাউনৰ অবিহনে ক'ভিডক নিয়ন্ত্ৰন কৰাটো অসম্ভৱ বুলি উল্লেখ কৰে গহপুৰীয়া ৰাইজে।

 অৱশ্যে বুধবাৰৰ পৰ্যালোচনা বৈঠকতহে  নিৰ্ধাৰিত হ'ব সম্পূৰ্ন লক ডাউনৰ বিষয়টো।


MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post