জোনাইত বাঢ়নী পানীয়ে খহাই নিছে এখন গুৰুত্বপূৰ্ণ পথত থকা এখন দলংৰ এটা মুৰ ৷
জোনাইৰ লুহিজান-বেৰাচাপৰি সংযোগী পথৰ ওপৰত থকা লুহিজান দলংখন জোনাই নদীৰ বাঢ়নী পানীয়ে এটা মুৰত খহাই নিয়াত বহিঃজগতৰ সৈতে বিচ্ছিন্নৰ পথত বৃহত্তৰ বেৰাচাপৰি অঞ্চলৰ প্ৰায় ২৫-৩০ খন গাঁৱৰ ৰাইজে ৷
জোনাই মহকুমাৰ সৰ্বাধিক বান বিধ্বস্ত অঞ্চল বেৰাচাপৰিৰ প্ৰায় ২৫-৩০ খন গাঁৱৰ ৰাইজৰ জোনাই সদৰকে ধৰি অন্যান্য প্ৰান্তৰ সৈতে যোগাযোগৰ একমাত্ৰ মাধ্যম এই পথখনেই ৷
ইফালে পথটোৰ লগতে ওপৰত থকা পকী দলংখন দুমাহ পূৰ্বে নিৰ্মান কাৰ্য সম্পূৰ্ণ কৰিছিল যদিও ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিত দলংখনৰ দুইমুৰে অতি নিম্ন মানেৰে পথটো নিৰ্মান কৰাত সাধাৰণ বৰষুণৰ বাঢ়নী পানীতে এনেদৰে খহিগল দলংখনৰ এটা মুৰত৷
যাৰ ফলত এতিয়া দলংখনৰ সিপাৰে থকা প্ৰায় ২৫-৩০ খন গাঁৱৰ ৰাইজে স্কুল, কলেজকে ধৰি চিকিৎসা, বেপাৰ বাণিজ্য আদি কৰি সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰিব জোনাই সদৰৰ সতে যোগাযোগ৷ যাৰ ফলত হাহাকাৰ সৃষ্টি হৈছে অঞ্চলটোৰ ৰাইজৰ মাজত৷
ইফালে বৃহত্তৰ বেৰাচাপৰি অঞ্চললৈ যোৱা অকলেণ্ড-বেৰাচাপৰি সংযোগী পথৰ ওপৰতো বাগৰিছে জোনাই নদীৰ বাঢ়নী পানীয়ে৷
জোনাইৰ পৰা দিগন্ত লিচাং পেগুৰ ৰিপৰ্ট ৷