Share on Facebook

আধুনিক যাতায়ত আৰু যোগাযোগ ব্যৱস্থাও যেন ঢুকি নোপোৱা এখন গাওঁ হাতীয়েমৰা গাওঁ

 ঢকুৱাখনা সমষ্টিৰ ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত হাতীয়ে মৰা ৰাইজে প্ৰায় চশত্তৰ বছৰ ধৰি দ্বীপ সদৃশ ঠাইত বাস কৰি আহিছে, আধুনিক যাতায়ত আৰু যোগাযোগ ব্যৱস্থাও যেন ঢুকি নোপোৱা এখন গাওঁ হাতীয়েমৰা গাওঁ

একালৰ বিজেপিৰ মন্ত্ৰী আৰু বৰ্তমানৰ ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱকুমাৰ দলেৰ গৃহ সমষ্টিত উন্নয়নৰ পয়ালগা দৃশ্য এইয়া।




ঢকুৱাখনা সমষ্টিৰ ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত সোৱণশিৰি গাওঁ পঞ্চায়তৰ সোৱণশিৰি নদী আৰু মৰা সোৱণশিৰিৰ মধ্য অংশত প্ৰায় সাতটা দশক ধৰি দ্বীপ সদৃশ ঠাইত বাস কৰি আহিছে হাতীয়ে মৰা গাঁৱৰ জনসাধাৰণ। 

বছৰ বছৰ ধৰি  সোৱণশিৰি নদী আৰু মৰা সোৱণশিৰিৰ কেঁকুৰা চেপাত যেন হাতীয়ে মৰা ৰাইজে উশাহ ল'ব পৰা নাই। 

গাওঁ খনৰ পৰা সোৱনশিৰি নদীৰ মূল ঘাটলৈ যাব পৰা চাৰিশ মিটাৰ দৈৰ্ঘ্যৰ বাঁহৰ দলংখনো দুমাহ মানৰ আগতে নদীৰ বানে উঠুৱাই লৈ গ'ল।

ৰকাৰী কৰ্তৃপক্ষৰ কাণসাৰ নাই।এই অভিযোগ এগৰাকী স্থানীয় ব্যক্তিৰ।

হাতীয়ে  মৰা বাসী ৰাইজে গাওঁখনৰ পৰা বাইশ কিলোমিটাৰ আঁতৰত থকা সদৰ লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ যাবলৈ হ'লেও সোৱণশিৰি নদীখন টুলুঙা নাৱেৰে পাৰ হ'বলীয়া হয় ।

ঢকুৱাখনা ,ঘিলামৰা ,গোগামুখ হৈ আহিবলগীয়া হ'লেও মৰা সোৱণশিৰিৰ নদীৰ ঘাট পাৰ হ'বলগীয়া হয় টুলুঙা নাৱেদি।গাওঁখনলৈ আহিব নোৱাৰে চাৰিচকীয়া বাহন ,নাহে চৰকাৰী এম্বুলেনচৰ গাড়ী।

গাওঁখনলৈ সংযোগ কৰা ৰাস্তাবোৰত বোকা পানীৰে ভৰপূৰ।খাল সদৃশ গাঁত।এটুকুৰা ৰাস্তা পকী নহয়।

নৰক যন্ত্ৰণাত জীয়াতু ভুগিবলগীয়া হৈছে বৃহত্তৰ হাতীয়েমৰা ৰাইজ।ৰাতি হ'লে ৰোগীক চিকিৎসালয়লৈ নিবলৈ হাজাৰবাৰ চিন্তাত ডুব যাবলগীয়া হয় হাতীয়েমৰা ৰাইজ।

Prasenjit Panging Report, Mising lutad, Gogamukh

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post