বেদখলকাৰীয়ে ৰাইজৰ বিৰুদ্ধে গোচৰ তৰিলে বগীনদী থানাত ।
লখিমপুৰ জিলাৰ ভীমপৰা পঞ্চায়তৰ অন্তৰ্গত টাকু টেটেৰা ৰাজহুৱা শশ্মান আৰু গেজিং ভুমি বেদখলত নামিছে একাংশ বেদখলকাৰীয়ে।
ব্যক্তি কেইজন হৈছে বগীনদী থানাৰ অন্তৰ্গত টাকু চেঁচা গাঁৱৰ প্ৰগেজ পাদি, আপাল পাদি, অনিল চুংক্ৰাং,অতুল দাপাক,দেৱৰ দাপাক নামৰ লোক কেইজনে ।
এই লোক কেইজনৰ সৈতে অনিল চুংক্ৰাং গাঁও বুঢ়াও জড়িত হোৱাৰ অভিযোগ আহিছে।
স্থানীয় ৰাইজে এই কাৰ্যক তীব্ৰ বিৰোধিতা কৰে।
নিজৰ মাটি বুলি দাবী কৰা এই লোক কেইজনে ৰাইজৰ বিৰুদ্ধে গোচৰ তৰিলে বগীনদী থানাত ।
উল্লেখযোগ্য ১৯৭৩-৭৪ চনৰ পৰা ৰাইজে এই ভূমিক শশ্মানৰ নামত সংৰক্ষণ কৰি আহিছে।
গতিকে কোনো পধ্যেই এই অনীৰ্তি কাৰ্য মানি নলয় বুলি সংবাদমাধ্যমৰ আগত তীব্ৰ গৰিহণা দিয়ে।
এতিয়া প্ৰশাসনে এই লোক কেইজনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেইয়া সময়তে জানিব পৰা যায়।