মাজুলীৰ নিমাতীঘাটৰ নাও দুৰ্ঘটনাত সন্ধানহীন হোৱা লক্ষীমপুৰৰ ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ বিশ্বনাথ ঘাটত উদ্ধাৰ ।
মোৰ একো নহয়, চিন্তা নকৰিবা! পত্নীৰ লগতে বহুজনৰ জীৱন ৰক্ষা কৰি নিজে হেৰাই গৈছিল ব্ৰহ্মপুত্ৰৰ বুকুত, আজি বিশ্বনাথ ঘাটত উদ্ধাৰ হ'ল ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ।
বিশ্বনাথ জিলা প্ৰশাসনে মৃতদেহ উদ্ধাৰ কৰি বিহালীৰ মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰত পৰীক্ষা সম্পন্ন কৰি পৰিয়ালৰ লোকক চমজাই দিয়ে নিমাতীঘাটৰ নাও দুৰ্ঘটনাত সন্ধানহীন হোৱা ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ ।
উল্লেখ্য যে আজি পুৱা বিশ্বনাথ ঘাটৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত উদ্ধাৰ হৈছিল মৃতদেহটো। পৰিয়ালৰ লোকে মৃতদেহটো ইন্দ্ৰেশ্বৰ বৰাৰ বুলি চিনাক্ত কৰি নশ্বৰ দেহ চমজি লয়।