Share on Facebook

জোনাই মহকুমাত আশি টা পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ

 ধেমাজি জিলাৰ জোনাই মহকুমাত চিয়াং নদীৰ বানে ইতিমধ্যে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল I 

চিয়াং নদীয়ে ৰাভাকাঠনিত মাথাউৰী চিঙাৰ ফলত  বাঢ়নী পানীয়ে ইতিমধ্যে জোনাই মহকুমাৰ বিভিন্ন গাওঁত হাজাৰ হাজাৰ লোকক ক্ষতিগ্ৰস্ত কৰাৰ লগতে শ শ হেক্টৰ খেতি ভূমি নষ্ট কৰিছিল I 






এনে বান বিধস্থ লোকক কিছু পৰিমানে সকাহ দিবলৈ আগবাঢ়ি আহিছে জোনাইৰ Lions club of Jonai নামৰ সংগঠন  I   Lions Club International Foundation (LCIF)lৰ সহযোগত Lions club of Jonaiৰ কৰ্মকৰ্তা সকলে শুক্ৰবাৰে জোনাই মহকুমাৰ চিলে গাওঁ পঞ্চায়ত অন্তৰ্গত শান্তিপুৰ আৰু মিলনতীৰ্থ গাওঁৰ লোকসকলক অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে I শুক্ৰবাৰে Lions Club of Jonaiৰ কৰ্মকৰ্তা

সকলে শান্তিপুৰ কমুনিটি ভৱন আৰু মিলন তীৰ্থত প্ৰায় আশি টা পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰীসমুহ বিতৰণ কৰে I Lions club of Jonaiৰ কৰ্মকৰ্তা সকলে 

Lions Club International Foundation (LCIF)ৰ সহযোগত শুক্ৰবাৰে আশি টা পৰিয়ালৰ মাজত হৰলিস্ক, এভিৰেডে গাখীৰ, ছিৰা, বিস্কুট, চাবুন, চ্ৰাফ, চেনেটৰী নেপকিন, ORS, মহ অগৰবতী আদি বিতৰণ কৰে I বিতৰণ কাৰ্যসূচীত উপস্থিত

আছিল Lions club of Jonaiৰ সঞ্চালক লায়ন আদিত্য বৰুৱা, সভাপতি লায়ন পাৰ্থ ছেত্ৰী, উপ সভাপতি লায়ন পুৰুষুতম গুপ্তা, সম্পাদক লায়ন দীপ কলিতা, সদস্য

 ক্ৰমে লায়ন অমিত কুম্বাং, লায়ন পৱন বৰ্মা, লায়ন পিংকু কৈৰালা আৰু নৰ্থ ষ্টাৰ ক্লাৱৰ সঞ্চালক নৱ জ্যোতি দেউৰী আদি I

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post