এক গুৰুত্বপূৰ্ণ খবৰ। ঢকুৱাখনা ঘিলামৰা থানাৰ অন্তৰ্গত সোৱণশিৰি চতিয়না কুম্বাং গাঁৱৰ ফুলজান পেগুৰ ২৩ বছৰীয়া পত্নী জানমণি দলে পেগুৱে ১২ ছেপ্টেম্বৰ দেওবাৰে নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।জানিব পৰা মতে নিজ ঘৰৰ পৰা বাইদেউৰ ঘৰলৈ যাওঁ বুলি কৈ উলাই যোৱা ৩ বছৰীয়া সন্তানৰ মাতৃ জানমণি দলে পেগুৰ ৭ দিনে কোনো সন্ধান নোপোৱাত স্বামীৰ লগতে পৰিয়াল চিন্তিত হৈ পৰিছে।
৩ বছৰীয়া কণমানি পুত্ৰই এতিয়া মাকক বিচাৰি মা মা বুলি কান্দি কান্দি থকা পৰিলক্ষিত হৈছে।সেইয়ে দুৰ্ভগীয়া স্বামীয়ে ৩ বছৰীয়া পুত্ৰ সন্তানৰ মুখলৈ চাই পত্নীক ঘৰলৈ ঘূৰি আহিবলৈ অনুৰোধ জনোৱাৰ লগতে অৱশেষত ঘিলামৰা আৰক্ষী চকীত গোচৰ ৰুজু কৰি সংবাদ মাধ্যমৰ আগত এনেদৰে কয়-
