Share on Facebook

মুখ্যমন্ত্ৰী ৰ গোপন নির্দেশ ত সমগ্ৰ নামনি অসমৰ লগতে বঙাইগাঁও জিলাতো আৰক্ষীৰ অভিযানত 14 জন ভূ মাফিয়া আটক

 সমগ্র ৰাজ্য জুৰি আজি ভূ মাফিয়াৰ বিৰুদ্ধে অভিযান চলি থকাৰ মাজতে নামনি অসমৰ প্ৰতিটো জিলাৰ লগতে বঙাইগাঁও জিলাটো অভিযান চলাই আৰক্ষীয়ে মুঠ 14 জন মাটিৰ দালালক আটক কৰিবলৈ সক্ষম হয়। 



      প্ৰাপ্ত বাতৰি মতে অসমৰ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী ডঃ হেমন্ত বিশ্ব শৰ্মাৰ অভ্যন্তৰীণ নিৰ্দেশ পাই নামনি অসমৰ প্ৰতিটো জিলাৰ আৰক্ষী আৰক্ষী অধীক্ষকে নিজ নিজ জিলাৰ জিলা সদৰ মহুকুমা সদৰত অৱস্থিত চাৰকেল  অফিচত অভিযান চলাই সকলো ভূ মাফিয়াক আটক কৰিবলৈ এক নিৰ্দেশনা জাৰি কৰে। সেইমতে উক্ত প্ৰতিটো জিলাৰ নিজ নিজ থানা আৰু আৰক্ষী চকীৰ অন্তৰ্গত প্ৰতিটো চাৰকেল অফিচত ভূ মাফিয়াৰ বিৰুদ্ধে অভিযান চলায় ।একেদৰে বঙাইগাঁও জিলাটো তিনিওটা মহুকুমা ত আৰক্ষী বাহিনীয়ে অভিযান চলায় আৰু জিলাখনৰ মানিকপুৰ আৰক্ষী খানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই অভিযান চলাই ১/দিলীপ কুমাৰ দাস,মোহন বাচি বৰাই ,হাইদৰ আলি ,জালালুদ্দিন,বলোৰাম পাটগিৰি আৰু কুশল নাথ ক আটক কৰে। একেদৰে বঙাইগাঁও সদৰ থানাৰ  ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই নিজ এলেকাত অভিযান চলাই সুভাষ মহন্ত,দিলীপ ৰায় আৰু মনোজ কলিতা ক তোক কৰে। ইফালে অভয়াপুৰী থানাৰ আৰক্ষীয়ে নিজ এলেকাৰ অধীনত অভিযান চলাই প্ৰশান্ত অধিকাৰী,ধীৰু কুমাৰ ভূঞা আৰু নিলেশ্বৰ ৰায় ক আটক কৰে। একেদৰে বইটামাৰী আৰক্ষীয়ে বইটামাৰী চাৰকেল অফিছত অভিযান চলাই চিবেন দাস আৰু বদিওৰ ৰহমান নামৰ ভূ মাফিয়া দুজন ক আটক কৰে । জানিব পৰা মতে সমগ্র জিলাখনত এতিয়াও বহুতো ভূ মাফিয়া পলাতক হৈ থকাই নহয়! ইয়াৰ সৈতে জড়িত চৰকাৰী পক্ষ তথা ৰজাঘৰীয়া আৰু বিজেপি দলটোৰ এই ভূ মাফিয়াত জড়িত বহুতো নেতা পালিনেতা এতিয়া এক আঘোষিত হাঁহাকাৰ আৰু আতংক ৰ সৃষ্টি কৰিছে। মূলতঃ এইসকল চৰকাৰী পক্ষৰ মাটিৰ দালাল তথা ভূ মাফিয়া বিৰূদ্ধে অভিযান চলিব নে নাই এয়া এক ৰহস্য জনক বিষয় হৈ পৰিছে। ইয়াৰ উপৰি সমগ্র নামনি অসম তথা বঙাইগাঁও জিলাত আজি হঠাতে এইদৰে আৰক্ষী বাহিনীয়ে ভূ মাফিয়াৰ বিৰুদ্ধে অভিযান চলাই মুঠ 14 জনকৈ মাটিৰ দালালক আটক কৰাই ঘটনাই সাধাৰণ জনসাধাৰণৰ মাজত সন্তোষ প্ৰকাশ কৰায় নহয় তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post