ঐতিজ্যমণ্ডিত তামৰঙা কনৰা বিলৰ নিবিদা আৰু বিলখনক আঠ ভাগত বিভক্ত কৰাকলৈ উত্তেজিত ৰাইজ ।
মীন মহলৰ নিবিদা বাতিল কৰাৰ দাবী জনাইছে স্থানীয় মাছমৰিয়া লোক সকলে।
ঐতিজ্যমণ্ডিত তামৰঙা কনৰা বিলখনৰ নতুন টেণ্ডাৰ আৰু বিলখনক আঠ ভাগত বিভক্ত কৰি তামৰঙা বিলৰ মাছমৰিয়াৰ অধিকাৰ বিঘ্নিত কৰাৰ অভিযোগ স্থানীয় লোকসকলৰ।
বিষ্ণুপুৰ, ঘিলাগুৰি, আৰু বাৰীপুখুৰী ৰাইজৰ সৌজন্যত তামৰঙা কনৰা মীন মহলৰ আগন্তক হবলগীয়া যি নিবিদা সেই নিবিদা বাতিল কৰিবলৈ আহ্বান জনাইছে সাধাৰণ মাছমৰিয়া লোকসকলে।
তাৰোপৰি ঘিলাগুৰি, বাৰীপুখুড়ী অঞ্চলজোৰা বিয়পি থকা ঐতিজ্যমণ্ডিত তামৰঙা কনৰা বিলখনৰ নতুন টেণ্ডাৰ আৰু বিলখনক আঠ ভাগত বিভক্ত কৰাৰ বিষয়টো কেন্দ্ৰ কৰি দীৰ্ঘদিন ধৰি বিলপৰিয়া মাছমৰিয়া ৰাইজে কৰি আহিছে তীব্ৰ প্ৰতিবাদ ।
তামৰঙা বিলৰ মাছমৰিয়াৰ অধিকাৰ বিঘ্নিত কৰি তামৰঙা কনৰা বিলত দালাল ৰাজ স্থাপন কৰাৰ অভিযোগ উত্থাপন কৰিছে ইয়াৰ স্থানীয় মাছমৰিয়া ৰাইজে।
দীৰ্ঘদিন ধৰি সাধাৰণ মাছমৰিয়া লোকসকলে মহলদাৰৰ অত্যাচাৰৰ বলি হৈ থকাৰ অভিযোগ স্থানীয় লোকসকলৰ, লগতে বেলেগ বেলেগ বিভাগীয় কৰ্তৃপক্ষৰ চহী জাল কৰি এজন ব্যক্তিয়ে চহী কৰাৰো অভিযোগ আনিছে ভুক্তভোগী ৰাইজে।
