যিসময়ত বিজ্ঞান প্রযুক্তিৰে মানুহে মহাকাশত বৰি দিবলৈ সক্ষম হৈছে, তেনে সময়তো আদিম যুগৰ দৰে জীৱন যাপন কৰিবলগীয়া হৈছে এখন বৃহত্তৰ অঞ্চলটোৰ ৰাইজে।
বৰ্তমান উপাইবিহীন হৈ হাতে হাতে দা, কূৰ লৈ ওলাই আহিল মধূপুৰ অঞ্চল
এয়া ধেমাজি জিলাৰ জোনাই মহকুমাৰ মিছামৰা পঞ্চায়তৰ অন্তৰ্গত বৃহত্তৰ মধুপুৰ অঞ্চলৰ দৃশ্য। বৃহত্তৰ অঞ্চলটোৰ মধুপুৰ, ১,২,৩ আৰু ৪ নং চিয়াৰী, তাগিৰবাৰী, উলুৱনী লংকা আদিকে ধৰি প্ৰায় ১০ খনৰো অধিক গাঁৱলৈ যোৱা এইখন পথৰ অৱস্থালৈ চাওঁক, পথেই নে পথাৰ, নে নদী- ধৰিব নোৱাৰে একোকে। কিন্তু এনে জৰাজীৰ্ণ তথা দুর্গম পথেৰে ১০ খনৰো অধিক গাঁৱৰ ৰাইজে বছৰ বছৰ ধৰি জোনাই সদৰকে ধৰি বহিঃজগতৰ সৈতে কেনেদৰে যোগাযোগ অব্যাহত ৰাখিছে এয়া বুজাব নোৱাৰি, মাথো কৰিব পাৰি অনুভৱহে। জোনাইৰ তেলামৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ৭ কিলোমিটাৰ দক্ষিনে অৱস্থিত পিচপৰা বৃহত্তৰ অঞ্চলটোলৈ যাবলৈ নাই কোনো বাটপথ বুলিবলৈ। বাৰিষাৰ কথাটো বাদেই, খৰালিটো খোজ কাঢ়ি বা চাইকেলেৰে যাত্ৰা কৰাৰ বাহিৰে মটৰ চাইকেল, আঁট কিম্বা গাড়ী আদি চলাচল কৰিব নোৱাৰে অঞ্চলটোলৈ। চৰকাৰৰ বিভিন্ন অভিলাষী আঁচনিও আজিলৈ ঢুকি নাপালে মধুপুৰ অঞ্চললৈ।
এয়া শনিবাবৰ দৃশ্য। বাৰিষা যোৱাৰ লগে লগে বৃহত্তৰ মধুপুৰ অঞ্চলৰ বাইজে এনেদৰে হাতে হাতে দা, দীঘল দা,কোৰ আদি লৈ বাৰিষাত বিধ্বস্ত হৈ থকা বাটপথ মেৰামতি আৰু চাফা কৰিব লৈ ওলাই আহিছে এনেদৰে। অৱশ্যে বাটপথেই নহয়, বৃহত্তৰ অঞ্চলটোত নাই কোনো বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা। অঞ্চলটোত এখন প্রাথমিক বিদ্যালয়ৰ বাদে নাই কোনো এমই বা হাইস্কুল। ফলত অঞ্চলটোৰ দুখীয়া ৰাইজৰ সন্তানক বাহিৰত পঢ়াব নোৱাৰাত শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হবলগা হৈছে বহু ছাত্ৰ-ছাত্ৰীয়ে। ইফালে অঞ্চলটোত নাই এখনো উপ-স্বাস্থ্য কেন্দ্র। যাৰ ফলত ৰোগীক বাৰিষাত নাঁও আৰু খৰালিত চাইকেল কিম্বা ভাৰবান্ধি নিব লাগে প্রায় ৭ কিলোমিটাৰ দুৰ্গম পথেৰে নিবলগীয়া হয় ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ।
উল্লেখ্য যে বাৰিষাৰ কথাটো বাদেই খৰালিতো অতিকৈ পিচপৰা মধুপুৰ অঞ্চলবাসীৰ এশ এবুৰি সমস্যাৰ খবৰ লবলৈ আহৰি নোহোৱা বিধায়ক, সাংসদ সকলে নির্বাচনৰ দিন চাপিলে বোকাপানী গচকি হলেও ৰাইজৰ কাষলৈ নাপাহৰে ভোট বিচাৰি যাবলৈ। প্ৰতিটো নিৰ্বাচনৰ সময়ত বাটপথ,শিক্ষানুষ্ঠান, বিশুদ্ধ খোৱাপানী,উপ-স্বাস্থ্য কেন্দ্র আদি নিৰ্মাণৰ প্ৰতিশ্ৰুতিৰে অনেক সপোন দেখুৱাই আদায় কৰে ৰাইজৰ ভোট। কিন্তু জয়ী হোৱাৰ পিচত ৰাইজক দিয় প্ৰতিশ্ৰুতিবোৰ ৰৈ যায় প্রতিশ্রুতি হৈয়ে।


