বিশ্বনাথ জিলাৰ বিহালীৰ ৰাংচালী অঞ্চলৰ ব্ৰহ্মপুত্ৰত নৈত উদ্ধাৰ এজন ব্যক্তিৰ এটা বেগতগুৰুত্বপূৰ্ণ নথি পত্ৰ সহ পৰিচয় পত্ৰ উদ্ধাৰ।
বেগটোৰ ভিতৰত আছে লক্ষীমপুৰ জিলাৰ ঢকুৱাখানাৰ মদন পেগু নামৰ লোক এজনৰ AS:07R8009 নম্বৰৰ মাৰুতি গাড়ীৰ ৰেজিষ্টেচন কাৰ্ড,মদন পেগুৰ নামৰ ,মদন পেগুৰ ভোটাৰ কাৰ্ড,পান কাৰ্ড,বিভিন্ন বেংকৰ এটিএম কাৰ্ড,ক্ৰেডিট কাৰ্ড আৰু কেইখন মান নথি পত্ৰ।
অনহাতে এই বাগটোতে আছে ছামেদ আলি নামত থকা AS06V2198 নম্বৰৰ এনফিল্ড বাইকৰ ৰেজিষ্টেচন কাৰ্ড এখনো উদ্ধাৰ হয় বেগটোৰ পৰা।
উল্লেখ যে কালি আবেলি বিহালীৰ ৰাংছালী অঞ্চলৰ কেইজন মান মাছমৰিয়াই বেগটো প্ৰতক্ষ্য কৰি বেগটোৰ ভিতৰৰ পৰা এই সামগ্ৰীখিনি উদ্ধাৰ কৰে আৰু মাছমৰিয়া কেইজনে সামগ্ৰী সমূহ নিজৰ জিম্মাতে ৰাখি আজি পুৱাহে তেওঁলোকে এই গুৰুত্বপূৰ্ণ সামগ্ৰী সমূহ বিহালী আৰক্ষী থানাত চমজাই দিব বুলি জানিব দিছে গাওঁখনৰ গাওঁৰক্ষী বাহিনীৰ সম্পাদক উদয় দাসে।
এই ফালে এই সামগ্ৰী সমূহ মাজুলীৰ নিমাতী ঘাটত সংঘটিত হোৱা ফেৰি দুৰ্ঘটনাৰ যাত্ৰীৰে সামগ্ৰী হব বুলি সন্দেহ কৰা হৈছে।পৰবৰ্তী সময়ত আৰক্ষীৰ অনুসন্ধানতহে উলাব প্ৰকৃততে এই সামগ্ৰী সমূহ দুৰ্ঘটনা সংঘটিত হোৱা ফেৰি যাত্ৰীৰ নে আন কাৰোবাৰ।