যোৱা আঠ ছেপ্টেম্বৰ তাৰিখে মাজুলীৰ অভিমুখী ফেৰী ভয়াবহ দুৰ্ঘটনাৰ পাছত চৰকাৰে মাজুলী নিমাতী ঘাট সংযোগী পাৰ ঘাটত পূৰ্বৰপৰা চলি অহা গুতিয় যাত্ৰী বাঁহী ফেৰী চলাচল বন্ধ কৰি দিছিল ।
চৰকাৰে তাৰ বিপৰীতে আভ্যন্তৰিণ বিভাগৰ জাহাজ আৰু Ro'pex ৰ দ্বাৰা যাত্ৰী চলাচলৰ সুবিধা কৰি দিছিল।
তাৰ সমান্তৰাল ভাবে চৰকাৰে ব্যক্তিগত মালিকাধীন ফেৰী মালিক সকলক মেৰাইন ইঞ্জিন যুক্ত ফেৰী আৰু ফেৰী প্ৰয়োজনীয় ফিটনেছ চাৰ্টিফিকেট , ষ্টাফ ৰ অভিজ্ঞতা,কৰ্মদ্যক্ষতা,আদিৰ সকলো নথি পত্ৰ প'পাৰ ভাৰিফিকেচন কৰি ফেৰী চলাচলৰ নিৰ্দেশনা জাৰী কৰিছিল।
তাৰ ফলশ্ৰুতিত চলাচল কৰিছে মেৰাইন ইঞ্জিন যুক্ত ফেৰী সেৱা প্ৰায় ১৩০ জন যাত্ৰী লৈ ৩ খন চাৰিচকীয়া বাহন আৰু ৩০ খনৰো অধিক মটৰ বাইক লৈ মাজুলীৰ কমলাবাৰী ফেৰী ঘাটৰ পৰা নিমাতী ঘাটলৈ যায় ।
গুতিয়া নাৱত যাত্ৰাৰ সময়ত নাৱত উঠা সকলো যাত্ৰীয়ে লাইফ যেকেত পৰিধান কৰি নিজ সভাধনতা অৱলম্বন কৰাৰ লগতে যাত্ৰী সকলৈ নাৱত যাত্ৰাৰ সময়ত লবলগীয়া সাৱধানতা অৱলম্বন কৰিবলৈ মাইক যোগে ঘোষণা কৰা পটক্ষ কৰা গৈছে।