মোৰ আপোনাৰ দৰে তেওঁৰো আছে বহুতো সপোন I আনৰ দৰে গাড়ী, মটৰ, বাংলা নহলেও বিনা বেতনে শিক্ষকতাৰ লগতে খেতি বাতি কৰি পত্নী , পুত্ৰ আৰু পুত্ৰীৰ সৈতে পাৰ কৰিছিল সুখৰ জীৱন I প্ৰায় বিশ বছৰে অপ্ৰাদেশীক প্ৰাথমিক বিদ্যালয়ত শ শ ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰি শিক্ষাৰ পোহৰ বিলাইছিল তেওঁ I
কিন্তু হঠাৎ শ শ ছাত্ৰ ছাত্ৰীৰ জীৱনক পোহৰাই তুলা শিক্ষকৰ জীৱনত নামি আহিল ঘোৰ অন্ধকাৰ I
জীৱনৰ মাজ বাটতে মৰহি গ'ল ফুলিব ধৰা সপোনবোৰ I হয়, ধেমাজি জিলাৰ জোনাই মহকুমা বাহিৰ জোনাই গাওঁ পঞ্চায়ত অন্তৰ্গত বগীননদী নিবাসী তথা এক নং বগীনদী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক
নন্দ পৰাজুলীৰ জীৱনলৈ নামি আহিছে এক বিষাদ অন্ধকাৰ I পত্নী, পুত্ৰ আৰু পুত্ৰীৰ সৈতে নন্দ পৰাজুলীয়ে পাৰ কৰিছিল সুখৰ জীৱন I আশী দশকতে নিৰ্মীত এক নং বগীনদী প্ৰাথমিক বিদ্যালয়ত প্ৰায় বিশ বছৰে কন কন ছাত্ৰ- ছাত্ৰীক শিক্ষাৰ পোহৰ বিলাইছিল তেওঁ I কিন্তু হঠাৎ
তেওঁৰ জীৱনলৈ নামি আহিল অমানিশা I দুবছৰ পূৰ্বে ডাইবেটিচ আৰু পেছাৰ ৰোগত ভোগা শিক্ষকজন বৰ্তমান চকুৰে একো মনিব নোৱাৰে I কোনোমতে উপাৰ্জন কৰি পৰিয়াল পোহ পাল দিয়া ঘৰৰ একমাত্ৰ
উপাৰ্জনকাৰীৰ এনে অৱস্থাত হতাশ হৈ পৰিছে পৰিয়াল বৰ্গ I চকুৰে একো মনিব নোৱাৰী অন্ধ হৈ পৰা শিক্ষকৰ ঘৰত এতিয়া এমুঠি অন্নৰ বাবে পৰিয়ালৰ লোকে হাহাকাৰ কৰিবলগিয়া হৈছে I দুটি কন কন সন্তান থকাৰ বাবে এনে অৱস্থাত তেওঁক এৰি দিন হাজিৰালৈ যাব নোৱাৰে পত্নীয়েও I ওচৰ চুবুৰীয়াৰই সহায় কৰিলে শিক্ষকৰ ঘৰত চৌকা জলে নতুৱা লঘোনে থাকিবলগিয়া হয় পৰিয়াল বৰ্গ I ঘৰৰ হাঁহ,কুকুৰা, গৰু ছাগলী
সকলো বিক্ৰী কৰি চিকিৎসাৰ নামত শেষ হ'ল কিন্তু আজিকোপতি কোনো সুফল নাপালে , বৰঞ্চ তেওঁৰ স্বাস্থ্য
দিনক দিনে অৱনতিহে হ'ল I তথাপিও সাৰমনা নাই নন্দ পৰাজুলীয়ে I ইপিনে নন্দ পৰাজুলীৰ এনে অৱস্থা
I আনপিনে আকৌ বিলীন হ'ল আশী দশকতে প্ৰতিষ্ঠিত নন্দ পৰাজুলীয়ে বিশ বছৰ শিক্ষাদান কৰা বগীনদী প্ৰাথমিক বিদ্যালয় I বিগত বছৰৰ বান খহনীয়াই সম্পূৰ্ণ
ৰূপে ধংস কৰি পেলাই বিদ্যালয়খন I বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে আজি বিলীন হ'ল অঞ্চলটোৰ একমাত্ৰ প্ৰাথমিক বিদ্যালয় I শিক্ষক আৰু বিদ্যালয়খনৰ এনে অৱস্থাৰ বাবে চিন্তিত হৈ পৰিছে অঞ্চলবাসী I
সৰ্বস্বান্ত শিক্ষকৰ জীৱনত পোহৰাই তুলিবলৈ কাতৰ অনুৰোধ
কৰিছে চৰকাৰ তথা হৃদয়বান লোকলৈ I একেই অনুৰোধ
পত্নী তথা ওচৰ চুবুৰীয়াৰ I
যদিহে কোনো সদাশয় ব্যক্তিয়ে বিশ বছৰে বিনা বেতনে শিক্ষকতা কৰা দুৰ্ভগীয়া শিক্ষকজনক সহায় কৰিব বিছাৰে তেন্তে তেওঁৰ পত্নী আশা পৰাজুলীৰ SBI জোনাই শাখাৰ একাউণ্ট নং 36444213973 আৰু IFSC SBIN0005557 সহায়ৰ হাত আগবঢ়াবলৈ কাতৰ অনুৰোধ
জনাইছে পৰিয়ালৰ লোকে I তদুপৰি 8473999730 নাম্বাৰত যোগাযোগ
কৰিব পাৰিব সদাশয় ব্যক্তিয়ে I