মাজুলীৰ জ্যেষ্ঠ সাংবাদিক , সাহিত্যিক ৰঞ্জন বৰালৈ মাজুলীৰ অন্যতম কলা সাহিত্য সংস্কৃতি মূলক অনুষ্ঠান ত্রিহৃদয় গোষ্ঠীয়ে চলিত বর্ষৰ বাবে ত্রিহৃদয় বঁটা ২০২১ আগবঢ়াইছে ।
অসমৰ সমাজ- সাহিত্য আৰু সাংস্কৃতিক জগত খনলৈ বিগত সময়ত ৰঞ্জন বৰাই আগবঢ়োৱা অনবদ্য অৱদানৰ বাৱে এই বঁটা আগবঢ়োৱা হৈছে বুলি ত্রিহৃদয় গোষ্ঠীয়ে এক প্ৰেছ বিবৃতিৰ জৰিয়তে জানিবলৈ দিছে ।
উল্লেখ মাজুলীৰ ২ নং ফুলনিৰ বাসিন্দা তুলসী বৰা আৰু দিনেশ্বৰী বৰাৰ পুত্ৰ ৰঞ্জন বৰাই ২০০৪ চনৰ পৰা ২০০৭ চনলৈ আমাৰ অসম কাকতত , ২০০৭ চনত অসমীয়া খবৰ আৰু ডিফুৰ পৰা প্ৰকাশিত দৈনিক পাহাৰী দূত কাকতত উপ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।
জনপ্ৰিয় সাংবাদিক ৰঞ্জন বৰাই ২০০৮ চনৰ ১ জানুৱাৰী পৰা বৰ্তমান পৰ্য্যন্ত জনপ্ৰিয় নিউজ চেনেল নিউজ লাইভত মাজুলীৰ সংবাদাতা হিচাপে সেৱা আগবঢ়াৱা লগতে ২০০৩ চনৰ পৰা ২০০৫ চনলৈ জনপ্রিয় আলোচনী 'মায়া' , '
' তৃষ্ণাতুৰ' , ' বিস্ময়' আৰু ' ৰহস্য' ত গল্প , প্ৰবন্ধ প্ৰকাশ পাইছে ।
উল্লেখ জ্যেষ্ঠ সাংবাদিক ৰঞ্জন বৰাই ২০১৮ চনত নিউজ লাইভৰ বৰ্ষশ্ৰেষ্ঠ সাংবাদিকতা বঁটা লাভ কৰিছিল ।
চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা আগবঢ়োৱা হব বুলি ত্রিহৃদয় গোষ্ঠীৰ মূখ্য সম্পাদক পাপু বৰাই জানিবলৈ দিছে ।
উক্ত বঁটাত আছে এখন প্ৰশস্তি প্ৰত্ৰ , এটি স্মাৰক , মূল্যবান গ্ৰন্থৰ টোপোলা , গামোচা , চেলেং , জাপি আৰু নগত ১০ হাজাৰ টকা।