কোকৰাঝাৰ ৭ অক্টোৱৰঃ ৰাজ্যৰ সমাগত উপ নিৰ্ৱাচনকলৈ ৰাজনৈতিক দলবোৰৰ মাজত ব্যাপক কুঁচকাৱাজ অব্যাহত থকাৰ সময়ছোৱাতে কোকৰাঝাৰ জিলাৰ বহু চৰ্চিত ২৮নং গোসাইগাঁও বিধান সভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰতিদ্বণ্ডিতাৰে বিজেপি সমৰ্থিত ইউ পি পি এল দলৰ প্ৰাৰ্থীৰ উপৰি বি পি এফ, কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰহৈ আজি চাৰিগৰাকী ৰথী মহাৰথীয়ে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিছে ৷
ইয়াৰে আজি গোসাইগাও মহকুমা ৰিৰ্টানিং বিষয়াৰ ওচৰত নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে বিজেপি সমৰ্থিত মিত্ৰজোঁট ইউপিপিএল দলৰ প্ৰাৰ্থী জিৰন বসুমতাৰী, বি পি এফ দলৰহৈ প্ৰাৰ্থী ধ্ৰৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰী, কংগ্ৰেছৰ জোৱেল টুভু আৰু এ আই ইউ ভি এফৰ প্ৰক্ষেপিত প্ৰাৰ্থী খাইৰুল আনাম খন্দকাৰে ৷ ইপিনে বিজেপি মিত্ৰজোটঁ ইউ পি পি এল’দলৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীৰ মনোনয়ন পত্ৰ দাখিল কৰা সময়ত সংগ দিয়ে বি জি পি’ৰ সভাপতি ভৱেশ কলিতা আৰু কোকৰাঝাৰৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘাল, কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰী ৷ আনপিনে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফ’ৰ প্ৰাৰ্থী ধ্ৰুৱ কুমাৰ ব্ৰক্ষ নাৰ্জাৰীৰ মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকে কোকৰাঝাৰ পশ্চিম সমষ্টিৰ বিধায়ক ৰৱিৰাম নাৰ্জাৰী ৷
একেদৰে এ আই ইউ ডি এফ’ৰ প্ৰাৰ্থী খাইৰুল আনাম খন্দকাৰৰ মনোনয়ন দাখিল কৰা সময়ত উপস্থিত থাকে দলৰ সাধাৰন সম্পাদক হাফিজ বছিৰ কাচেম আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী জোৱেল টুডুৱে মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত থাকে তিনিগৰাকীকৈ বিধায়ক ক্ৰমে ৰকিবুল হুছেইন, ছুৱাহান সৰকাৰ আৰু ৱাজেদ আলি ৷