Share on Facebook

মাজুলীৰ জ্যেষ্ঠ সাংবাদিক , সাহিত্যিক ৰঞ্জন বৰালৈ ত্রিহৃদয় বঁটা

 মাজুলীৰ জ্যেষ্ঠ সাংবাদিক , সাহিত্যিক ৰঞ্জন বৰালৈ মাজুলীৰ অন্যতম কলা সাহিত্য সংস্কৃতি মূলক অনুষ্ঠান ত্রিহৃদয় গোষ্ঠীয়ে চলিত বর্ষৰ বাবে ত্রিহৃদয় বঁটা ২০২১ আগবঢ়াইছে । 



অসমৰ সমাজ- সাহিত্য আৰু সাংস্কৃতিক জগত খনলৈ বিগত সময়ত ৰঞ্জন বৰাই আগবঢ়োৱা অনবদ্য অৱদানৰ বাৱে এই বঁটা আগবঢ়োৱা হৈছে বুলি ত্রিহৃদয় গোষ্ঠীয়ে এক প্ৰেছ বিবৃতিৰ জৰিয়তে জানিবলৈ দিছে । 

উল্লেখ মাজুলীৰ ২ নং ফুলনিৰ বাসিন্দা তুলসী বৰা আৰু দিনেশ্বৰী বৰাৰ পুত্ৰ ৰঞ্জন বৰাই ২০০৪  চনৰ পৰা ২০০৭ চনলৈ আমাৰ অসম কাকতত , ২০০৭ চনত অসমীয়া খবৰ আৰু ডিফুৰ পৰা প্ৰকাশিত দৈনিক পাহাৰী দূত কাকতত উপ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।



 জনপ্ৰিয় সাংবাদিক ৰঞ্জন বৰাই ২০০৮ চনৰ ১ জানুৱাৰী পৰা বৰ্তমান পৰ্য্যন্ত জনপ্ৰিয় নিউজ চেনেল নিউজ লাইভত  মাজুলীৰ সংবাদাতা হিচাপে সেৱা আগবঢ়াৱা লগতে ২০০৩ চনৰ পৰা ২০০৫ চনলৈ জনপ্রিয় আলোচনী 'মায়া' , '

' তৃষ্ণাতুৰ' , ' বিস্ময়' আৰু ' ৰহস্য' ত গল্প , প্ৰবন্ধ প্ৰকাশ পাইছে । 

উল্লেখ জ্যেষ্ঠ সাংবাদিক ৰঞ্জন বৰাই ২০১৮ চনত নিউজ লাইভৰ বৰ্ষশ্ৰেষ্ঠ সাংবাদিকতা বঁটা লাভ কৰিছিল । 

চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহত এক গাম্ভীৰ্যপূৰ্ণ  অনুষ্ঠানত এই বঁটা আগবঢ়োৱা হব বুলি ত্রিহৃদয় গোষ্ঠীৰ মূখ্য সম্পাদক পাপু বৰাই জানিবলৈ দিছে । 

উক্ত বঁটাত আছে এখন প্ৰশস্তি প্ৰত্ৰ , এটি স্মাৰক , মূল্যবান গ্ৰন্থৰ টোপোলা , গামোচা , চেলেং , জাপি আৰু নগত ১০ হাজাৰ টকা।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

إرسال تعليق

please do not enter the any spam link in to comment box

أحدث أقدم