Share on Facebook

ধেমাজিত অনুষ্ঠিত কেবিনেট বৈঠকত বৰ্ষাৰণ্য পবা বনাঞ্চলক ৰাষ্ট্ৰীয় বন্যপ্ৰাণী উদ্যান হিচাপে ঘোষণা নকৰিলে অসম চৰকাৰে

  ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ চীন দেশৰ পৰা অৰুণাচল হৈ বৈ অহা চিয়াং নৈখন মৰুভূমি সদৃশ পৰিৱেশৰ সৃষ্টি হোৱাত জোনাই অঞ্চলৰ কাৰণে এক চিন্তনীয় বিষয় হৈ পৰিছে ।



 কাৰণ ধেমাজি জিলাৰ একমাত্ৰ বৰ্ষাৰণ্য পৱা বৰ্ষাৰণ্যৰ নিচেই কাষেদি বৈ যোৱা চিয়াং নৈ এতিয়া বৰ্তমান মৰুভূমি সদৃশ পৰিৱেশ । 

 চৰকাৰী তথ্য মতে ধেমাজি  জিলাত মুঠ ৯ খন সংৰক্ষিত বনাঞ্চল আৰু কবু চাপৰি নামে এখন প্ৰস্তাৱিত বনাঞ্চল আছে ৷    বৰ্তমান একমাত্ৰ পবা বনাঞ্চলখনহে বাছি আছে ৷ বাকী জনঅৰণ্য ৷

  পবা বনাঞ্চলৰ মুঠ মাটি কালি ১০.২২১ হেক্টৰ ৷ পবা এখন সাধাৰণ অৰণ্য নহয় ৷ ই জৈৱ বৈচিত্ৰৰ ভৰাল ও বৃহত্তৰ জোনাই মূৰ্কংচেলেক অঞ্চলৰ বহু ইতিহাসৰ সাক্ষী ৷ ইয়াত বৰ্ষাৰণ্য সকলো দিশ দেখিবলৈ পোৱা যায় ৷ বছৰটোৰ বাৰ মাহে ইয়াত এক সেমেকা পৰিবেশ বিৰাজমান কৰে ৷



 পবা বনাঞ্চল ছাত্ৰছাত্ৰীৰ পৰিবেশ অধ্যয়ন ক্ষেত্ৰ আৰু আদৰ্শৰ ঠাই ৷ অন্য ঠাইৰ পৰা পৰ্যটন যদি জোনাইলৈ আহে তেন্তে একমাত্ৰ পবা'ক চাবলৈ আহে বুলি কলেও বঢ়াই কোৱা নহব ৷ কিন্ত বৰ্তমানে বেদখলকাৰী , চোৰাংচিকাৰী , গৰাখহনীয়াৰ ফলত অস্তিত্বৰ সংকটত বৰ্ষাৰণ্য পবা ৷



MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post