ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ চীন দেশৰ পৰা অৰুণাচল হৈ বৈ অহা চিয়াং নৈখন মৰুভূমি সদৃশ পৰিৱেশৰ সৃষ্টি হোৱাত জোনাই অঞ্চলৰ কাৰণে এক চিন্তনীয় বিষয় হৈ পৰিছে ।
কাৰণ ধেমাজি জিলাৰ একমাত্ৰ বৰ্ষাৰণ্য পৱা বৰ্ষাৰণ্যৰ নিচেই কাষেদি বৈ যোৱা চিয়াং নৈ এতিয়া বৰ্তমান মৰুভূমি সদৃশ পৰিৱেশ ।
চৰকাৰী তথ্য মতে ধেমাজি জিলাত মুঠ ৯ খন সংৰক্ষিত বনাঞ্চল আৰু কবু চাপৰি নামে এখন প্ৰস্তাৱিত বনাঞ্চল আছে ৷ বৰ্তমান একমাত্ৰ পবা বনাঞ্চলখনহে বাছি আছে ৷ বাকী জনঅৰণ্য ৷
পবা বনাঞ্চলৰ মুঠ মাটি কালি ১০.২২১ হেক্টৰ ৷ পবা এখন সাধাৰণ অৰণ্য নহয় ৷ ই জৈৱ বৈচিত্ৰৰ ভৰাল ও বৃহত্তৰ জোনাই মূৰ্কংচেলেক অঞ্চলৰ বহু ইতিহাসৰ সাক্ষী ৷ ইয়াত বৰ্ষাৰণ্য সকলো দিশ দেখিবলৈ পোৱা যায় ৷ বছৰটোৰ বাৰ মাহে ইয়াত এক সেমেকা পৰিবেশ বিৰাজমান কৰে ৷
পবা বনাঞ্চল ছাত্ৰছাত্ৰীৰ পৰিবেশ অধ্যয়ন ক্ষেত্ৰ আৰু আদৰ্শৰ ঠাই ৷ অন্য ঠাইৰ পৰা পৰ্যটন যদি জোনাইলৈ আহে তেন্তে একমাত্ৰ পবা'ক চাবলৈ আহে বুলি কলেও বঢ়াই কোৱা নহব ৷ কিন্ত বৰ্তমানে বেদখলকাৰী , চোৰাংচিকাৰী , গৰাখহনীয়াৰ ফলত অস্তিত্বৰ সংকটত বৰ্ষাৰণ্য পবা ৷