নামনি অসম তথা বিটিয়াৰৰ ৰাজধানী কোকৰাঝাৰ চহৰত অৱস্থিত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ
এগৰাকী লাট মণ্ডল ক শাৰদীয় দুৰ্গা পূজাৰ মাজতে দুৰ্নীতি ৰ অভিযোগ ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাই
তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়া ৰ সৃষ্টি কৰিছে ।
প্ৰাপ্ত বাতৰি মতে কোকৰাঝাৰ ৰাজহ চক্ৰ লাট মণ্ডল মহীদুল
ইছলাম(৪৮) এ এগৰাকী সাধাৰণ জনতাৰ বিশেষ এক কাম কৰাৰ বিনিময়ত ৫০০০টকা বিচাৰিছিল পিছত
উক্ত লাট মণ্ডল গৰাকী পূৰ্বৰে পৰাই এইদৰে বিভিন্ন জনৰ পৰা উৎকোষ বিচৰাৰ মুলতঃ অভিযুক্ত ৰ প্ৰতি
অতিষ্ঠ হৈ আৰক্ষীৰ কাষ চাপে আৰু আৰক্ষীয়ে উৎকোষ লৈ থকা অৱস্থাত হাতে লোতে ধৰা পেলায়
সাম্প্ৰতিক আটকাধীন লাট মণ্ডল গৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে জেৰা আৰু অধিক তথ্য লাভৰ তদন্ত
অব্যাহত আছে।
Tags:
Curruption