মিচিং জনজাতি সকলৰ অন্যতম সাংস্কৃতিক সংগঠন মিচিং আৰ্টিষ্ট এছ’চিয়েছনৰ উদ্যোগত সমগ্ৰ মিচিং অধ্যুষিত অঞ্চলত মিচিং সংগীতৰ মহাৰণ আৰম্ভ হৈছে ৷
আজি বুধবাৰে গোগামুখতো ভইচ অৱ মিচিঙৰ গোগামুখ সংস্কৰণ সম্পন্ন হৈ যায় ৷
অসমৰ অন্যতম ভুমিপুত্ৰ মিচিং সকল ৷ সাংস্কৃতিকভাৱে অতি চহকী মিচিং সকলৰ অন্যতম সাংস্কৃতিক সংগঠন মিচিং আৰ্টিষ্ট এছ’চিয়েছনৰ কেন্দ্ৰীয় কমিটিৰ উদ্যোগত আৰু গোগামুখ আঞ্চলিক কমিটিৰ সহযোগত আজি গোগামুখত ভইচ অৱ মিচিঙৰ গোগামুখ সংস্কৰণ সম্পন্ন হৈ যায় ৷
মুঠ ৩৬ গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰা উক্ত সংগীত প্ৰতিযোগিতাখন উদ্বোধন কৰে অনাতাঁৰ শিল্পী ৰীতা দেবী মেদকে ৷
উল্লেখনীয় যে বুধবাৰৰ সংগীত প্ৰতিযোগিতাখনত উপস্থিত থাকে বিশিষ্ট শিল্পী মুহিৰাম পেগুৱে ৷
বিছাৰক হিচাপে উপস্থিত থাকে শিল্পী ৰীতা দেবী মেদক, সুৰুয কুমাৰী মেদক আৰু ফাৰ্ডিনাণ্ড কামানে ৷