অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ মিচিং সকলৰ একমাত্ৰ মিচিং ভাষা-সাহিত্যৰ সংগঠন মিচিং সাহিত্য সভাৰ ৩৭
সংখ্যক কেন্দ্ৰীয় মিচিং ভাষা দিৱস লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত সোৱণশিৰি পঞ্চায়তৰ
নামনি আলিমূৰত আজি শনিবাৰে বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় ৷ শুক্ৰবাৰৰ পৰা অনুষ্ঠিত হোৱা উক্ত
মিচিং ভাষা দিৱসত বিভিন্ন সাহিত্য-সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে মিচিং ভাষাৰ ওপৰত
এটি আলোচনা চক্ৰও অনুষ্ঠিত ৷ মিচিং ভাষা দিৱসত বিশেষভাৱে মিচিং ভাষাক অতি শীঘ্ৰে শিক্ষাৰ মাধ্যম
কৰিবলৈ চৰকাৰক দাবী জনোৱা হয় আৰু ইয়াৰ অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সকীয়াই দিয়া হয় ৷
উল্লেখনীয় ১৯৮৫ চনৰ ৩০ অক্টোবৰৰ দিনা অসম চৰকাৰে মিচিং ভাষাক চৰকাৰীভাৱে স্বীকৃতি দিছিল আৰু উক্ত দিনটোকে মিচিং সাহিত্য সভাই মিচিং ভাষা দিৱস হিচাপে উদ্যাপন কৰি আহিছে ৷