অহা দিপাবলী ৰ শুভেচ্ছা জনাই আগন্তুক দিনত কোচ ৰাজবংশী জনগোষ্ঠীৰ আত্মনিয়ন্ত্ৰনৰ
অধিকাৰ প্ৰাপ্তিৰ লগতে জনজাতি কৰণ আৰু কমতাপুৰ ৰাজ্য গঠনৰ দাবীত গণতান্ত্ৰিক
আন্দোলন ৰ সংগ্ৰামত সমূহ কমতাপুৰ বাসী জনগোষ্ঠীটোৰ জনগণক জঁপিয়াই পৰিবলৈ
কাতৰ আহ্বান জনাইছে এসময়ৰ অতি জংগী নেতা আক্ৰাছুৰ প্ৰাক্তন কেন্দ্ৰীয় সভাপতি তথা
সাম্প্ৰতিক কোঁচ ৰাজবংশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে।
একেদৰে অভয়াপুৰী চহৰত অৱস্থিত বিশ্ব মহাবীৰ চিলাৰায় ভৱনত জনপ্ৰিয় কোঁচ ৰাজবংশী
গায়ক ভোগীৰথ ৰায়ৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাই বইটামাৰীৰ ধীৰাজ ৰায়ক সভাপতি
আৰু চিদলচুটি ৰ ৰোহিনী ৰায়ক সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ ৩১ জনীয়া উত্তৰ
শালমাৰা জিলা কোঁচ ৰাজবংশী জাতীয় পৰিষদ খন গঠন কৰে ।সভাই সংগঠনটোৰ
উপদেষ্টা দীপক বৰ্মনৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মাতৃ বিয়োগত আত্মাৰ সদগতি কামনা কৰি
এক মিনিট থিয় হৈ মৌন প্রার্থনা জনাই শোক প্ৰকাশ কৰি শোকসনতপ্ত পৰিয়াল বৰ্গলৈ
গভীৰ সমবেদনা জ্ঞাপন কৰে আৰু শোক বাৰ্তা প্ৰেৰণ কৰে একেদৰে সংগঠনটোৰ কেন্দ্ৰীয়
সভাপতি সম্পাদক ক্ৰমে বিমল বৰ্মন আৰু হৰমোহন মেধিও গভীৰ শোক প্ৰকাশ কৰি এক
বাৰ্তা প্ৰেৰণ কৰে বুলি প্ৰচাৰ সম্পাদক নিখিল ৰায়ৰ এক বিবৃতি ত প্ৰকাশ।
নামনী অসম ব্যুৰ বঙাইগাঁও, প্ৰফুল্ল কুমাৰ দাস।