অভয়াপুৰীত শিক্ষামন্ত্ৰী ৰনোজ পেগু।
অভয়াপুৰীৰ তুলুঙিয়াস্থিত পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ
শুভাৰম্ভ কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত এখন
ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে।
সভাত শিক্ষা মন্ত্ৰী গৰাকীয়ে নতুন শিক্ষা নীতিৰ ওপৰত বক্তব্য দাঙি ধৰে। সভাৰ অন্তত
শিক্ষা মন্ত্ৰীগৰাকীয়ে এইবাৰ অনুষ্ঠিত টেট পৰীক্ষা সম্পূৰ্ণ নিকাভাৱে অনুষ্ঠিত হব বুলি
জনোৱাৰ লগতে এইবাৰ
বঙাইগাঁওত অনুষ্ঠিত হব লগা কেবিনেটত বঙাইগাঁও বাসীয়ে ভাল খৱৰ পাব বুলিও জনায়।
Tags:
Education