ৰাজ্যত অব্যাহত গৰুৰ চোৰাং ব্যৱসায়।
বঙাইগাঁওৰ বইটামাৰীত অবৈধ ভাৱে কঢ়িয়াই লৈ যোৱা গৰুভৰ্তি ট্ৰাক জব্দ।
উত্তৰ প্ৰদেশৰ পৰা ছাগলীয়া তালাচী চকী পাৰ হৈ বৰপেটা অভিমূখে গৈ থকা অৱস্থাত UP 21BN 8214
নম্বৰৰ ১০ চকীয়া ট্ৰাক সহ ২২ টা চোৰাং গৰু জব্দ কৰে বইটামাৰী আৰক্ষীয়ে। আৰক্ষীয়ে পশ্চিম বংগৰ
কিষানগঞ্জৰ নৌসাদ শ্বেখ, শ্বেখ অভি আৰু উত্তৰ প্ৰদেশৰ জাকিৰক আটক কৰে। দীৰ্ঘদিন ধৰি উক্ত
পথছোৱাৰে চোৰাং ভাৱে গৰু সৰবৰাহ কৰাৰ অভিযোগ।