জোনাই - মূৰ্কং চেলেক অঞ্চলৰ শিক্ষাৰ বাটকটীয়া টাকাব চন্দ্ৰ মেদকৰ একবিংশতিতম
মৃত্যু দিৱস জ’নাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চৌহদত থকা তেখেতৰ প্ৰতিমূৰ্ত্তিতস্থলীত
মঙ্গলবাৰে উদযাপন কৰা হয় ৷ শিক্ষাবিদ টাকাব চন্দ্ৰ মেদকৰ জন্ম হয় ১৯৩৬ চনৰ ১
জানুৱাৰী তাৰিখে ৰোপন মেদক আৰু ফাগুনী মেদকৰ ঔৰসত টাৰি বিজয়পুৰ গাৱঁত ৷
প্ৰথমে টাকাব মেদক আৰু কেবাজনো শিক্ষাবিদৰ উদ্যোগত ১৯৫৩ চনত স্থাপন হয়
উজনি মিৰি এম ই স্কুল ৷তাৰ ৯ বছৰ পিছত জ’নাই এম ই স্কুল নামে সলনি কৰি শিক্ষাদানৰ
ব্যৱস্থা কৰা হয় ৷ পিছলৈ এইখনেই জোনাই অঞ্চলৰ শিক্ষাৰ বাটকটীয়া সোণালী জয়ন্তী
গৰকা বৰ্তমানৰ গৌৰবোজ্বল জ’নাই উচ্চতৰ মাধ্যমিক বিদ্যালয় ৷ প্ৰতিষ্ঠাপক অধ্যক্ষ
টাকাব চন্দ্ৰ মেদকে এবছৰ শিক্ষকতা কৰাৰ পিছত উচ্চ শিক্ষাৰ বাবে ডিব্ৰুগড়ৰলৈ যায়
যদিও পিচলৈ ঘুৰি আহি একেখন বিদ্যালয়তে শিক্ষক হিচাপে যোগদান কৰি শেষত অধ্যক্ষ
হিচাপে ১৯৯৩ চনত অৱসৰ গ্ৰহণ কৰে ৷ এইজন মহান মহিষীয়ে ২০০০ চনৰ ২ নৱেম্বৰ
তাৰিখে ইহসংসাৰ ত্যাগ কৰে ৷
২০১৫ চনৰ পৰা মেদকৰ সুযোগ্য সন্তান আৰু জোৱোঁই ক্ৰমে শান্তনু মেদক , হৰিপ্ৰসাদ
মিলিক মুখ্য পৃষ্ঠপোষক আৰু মূৰ্কংচেলেক মহাবিদ্যালয়ৰ অৱসৰৰ প্ৰাপ্ত অধ্যক্ষ ড°
হৰকান্ত পেগুক সভাপতি , জ’নাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰাজেশ্বৰ পেগুক উপ
- সভাপতি আৰু সাংবাদিক ৰয়েল পেগুক সম্পাদক হিচাপে লৈ ' টাকাব চন্দ্ৰ মেদক স্মৃতি
ন্যাস ' নামেৰে এটি ন্যাস গঠন কৰি প্ৰতিবছৰে ধেমাজী জিলাৰ পৰা উচ্চ মাধ্যমিক আৰু
উচ্চতৰ মাধ্যমিক ক'লা , বিজ্ঞান আৰু বাণিজ্য শাখাত সৰ্বাধিক নম্বৰৰ পোৱ শিক্ষাৰ্থীক
নগত ধন আৰু প্ৰশস্তিপত্ৰৰে পুৰস্কৃত কৰি আহিছে ৷ লগতে জিলাখনৰ শিক্ষাৰ ক্ষেত্ৰত
অবদান আগবঢ়োৱা বিশিষ্ট ব্যক্তি সকলক সম্বৰ্দ্ধিত কৰি আহিছে ৷
যদিও এইবাৰ মহামাৰী ক’ভিড সৃষ্ট পৰিবেশ বাবে উক্ত পুৰস্কাৰ প্ৰদানৰ কাৰ্যসূচী বাতিল কৰি
অনুষ্টুপীয়া ২১ তম মৃত্যু দিৱসটি পালন কৰা হয় ৷ ড° হৰকান্ত পেগুৰ সভাপতিত্বত অনুষ্ঠি
মুকলি সভাত জোনাইৰ মহকুমাধিপতি প্ৰদীপ কুমাৰ দ্বিবেদী , JHSS ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ
প্ৰতাপ চন্দ্ৰ পাৱ , চিমেন চাপৰি কলেজৰ অধ্যক্ষ শচীন দলেয়ে বিশিষ্ট অতিথি আৰু
তোষেশ্বৰ মিৰি আগৰৱালাই নিদিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে ৷ এই সভাতে জোনাইৰ
অৱসৰপ্ৰাপ্ত শিক্ষক নখেশ্বৰ পাৱ - নবীন গগৈ জেষ্ঠ্য নাগৰিক দুৰ্গা ৰেগন আৰু
অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া ৰাসেশ্বৰ পায়েঙৰ লগতে ন্যাসৰ প্ৰতিষ্ঠাপক সদস্য প্ৰয়াত দুৰ্ণ
পেগুৰ পৰিয়ালক সম্বৰ্ধনা জনাই ৷
আজিৰ অনুষ্ঠানটি পৰিচালনা কৰে অঞ্জনা টায়ুঙ শইকীয়াই ৷