Share on Facebook

বিশ্বনাথ জিলা আছুৰ উদ্যোগত বিশ্বনাথ নগৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে সত্যাগ্ৰহ ঘেৰাও কৰিলে জিলা উপা্যুক্তৰ কাৰ্যলয়

 মূল্যবৃদ্ধিৰ বিৰুদ্ধে এইবাৰ সত্যাগ্ৰহত নামিল বিশ্বনাথ জিলা ছাত্ৰ সন্থা।সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত  শুকুৰবাৰে বিশ্বনাথ জিলা ছাত্ৰ সন্থাই  সমিতিয়ে গ্ৰহন কৰিছে প্ৰতিবাদী কাৰ্যসূচী। আজি বিশ্বনাথ চাৰিআলি নগৰৰ ছহীদ ভৱনৰ পৰা শতাধিক আছু কৰ্মীয়ে কেন্দ্ৰ তথা ৰাজ্যৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে‍ ভিভিন্ন শ্লগান প্ৰদৰ্শন কৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে সমদল কৰি বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয় ঘেৰাও কৰে।প্ৰতিবাদ কাৰী সকলে বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যলয়ৰ সন্মূখতো বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লগান প্ৰদৰ্শন কৰি এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে।



কেন্দ্ৰ তথা ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰ খনে দেশৰ পেট্ৰল ডিজেলৰ মূল্য আৰু অত্যাবশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই।পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ ফলত সকলো খাদ্য সামগ্ৰীৰ মূল বৃদ্ধি হৈ পৰিছে। সেয়ে অতি শীঘ্ৰে চৰকাৰে মূলবৃদ্ধি ৰোধ কৰিবলৈ এই প্ৰতিবাদী কাৰ্যসূচীৰ গ্ৰহন কৰে প্ৰতিবাদকাৰী সকলে।এই প্ৰতিবাদী কাৰ্যসূচীত বিশ্বনাথ জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও অংশ গ্ৰহণ কৰে।আনহাতে এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ৰুপম দাস,বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰম বিকাশ বৰা,জিলাৰ ভাৰপ্ৰাপ্ত সম্পাদক ৰাতুল বৰুৱা,জিলাৰ উপ সভাপতি আজমত শ্বেখ,মহকুমা ছাত্ৰ সন্থাৰ সভাপতি ভাষ্কৰ চমূৱা,সম্পাদক নিতু বৰা,অসম জাতীয়াত বাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ সাধাৰণ সম্পাদক দিগন্ত বৰুৱা,যুতীয়া সম্পাদক নিহাৰ শইকীয়া সহ সংগঠন দুটাৰ বহু বিষয়ববীয়াই অংশ গ্ৰহণ কৰে।



MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post