জোনাইত শিশু অপহৰণকাৰীক গ্ৰেপ্তাৰ
দুমাহ পূৰ্বে জোনাইৰ কুমকুম পেগু নামৰ ৫ বছৰীয়া এজনী শিশু কন্যাক অপহৰণ কৰিছিল
এই ঘটনাক MISING LUTAD এ সম্প্ৰসাৰণ কৰাৰ দুমাহ পিছত জোনাই আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
অৱশেষত প্ৰায় দুমাহ মূৰত ধেমাজি জিলাৰ জোনাই সদৰ আৰক্ষীয়ে শিশু অপহৰণকাৰী অৰ্জুন
পেগুক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে জোনাই সদৰ থানাৰ সমীপৰ গান্ধী ময়দানৰ কাষত অবস্থিত জোনাই অগ্নি নিৰ্বাপক বাহিনীৰ এচ অ' প্ৰশান্ত পেগুৰ 5 বছৰীয়া শিশু কন্যা কুমকুম পেগুক চৌহদত খেলি থকা অৱস্থাৰ পৰা বিগত 11 আগষ্টৰ সন্ধিয়া অৰ্জুন পেগু নামৰ দুৰ্বৃত্তই এখন গাড়ীত উঠাই নি অপহৰণ কৰে।
জোনাই আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই পিছদিনা পুৱা অপহৃত 5 বছৰীয়া কন্যা শিশুগৰাকীক
চুবুৰীয়া অৰুণাচল প্ৰদেশৰ চিলে থানাৰ অন্তৰ্গত তদে গাঁৱৰ পথাৰত থকা এটা পঁজা ঘৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। তদুপৰি অপহৰণকাৰীয়ে ব্যৱহাৰ কৰা গাড়ীখন আৰক্ষীয়ে উদ্ধাৰ কৰি জব্দ কৰে।
ইপিনে ঘটনাৰ পিছৰে পৰা অপহৰণকাৰী অৰ্জুন পেগু পলাতক অবস্থাত আছিল।
আৰক্ষীয়ে অপহৰণকাৰী অৰ্জুন পেগুক কৰায়ত্ত কৰিবলৈ অভিযান অব্যাহত ৰাখিছিল।
অৱশেষত গোপন সূত্ৰৰ পম খেদি ধেমাজি জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত জোনাই আৰক্ষীয়ে গুৱাহাটীৰ যোৰাবাটৰ পৰা শিশু অপহৰণকাৰী অৰ্জুন পেগুক গ্ৰেপ্তাৰ কৰি আজি জোনাই থানালৈ লৈ আনে।
আৰক্ষীয়ে আজি অপহৰণকাৰী অৰ্জুন পেগুক স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে আদালতত হাজিৰ কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে।
আৰক্ষীয়ে জানিব লৈ দিয়ামতে শিশু অপহৰণকাৰী তথা ড্ৰাগছ আসক্ত অৰ্জুন পেগু গাড়ী চোৰৰ লগতে ড্ৰাগছ সৰবৰাহ আদিটো জড়িত।