লখিমপুৰত বিদ্যুৎ সংমণ্ডলৰ মূখ্য কাৰ্যালয় ঘেৰাও ।
কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে অসম জাতীয়তাবাদী যুৱ পৰিষদে ।
বিদ্যুৎ বিলৰ বিসংগতি, অনিয়মীয়া বিদ্যুৎ সেৱা, আঁচনিৰ দুৰ্নীতি, খালি পদসমূহ পুৰণ কৰা, বৰ্দ্ধিত মাচুলকে কেন্দ্ৰ কৰি আন বহুকেইটা দাবীৰে উত্তাল প্ৰতিবাদ ।
নিৰ্বাচনৰ পূৰ্বে দিয়া মূখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন ।
অসমৰ জনতাক ২৪ ঘন্টাই বিদ্যুৎ সেৱা যোগান ধৰি ৩০ ইউনিট বিজুলী বিনামূলীয়াকৈ দিয়াৰ ভূৱা প্ৰতিশ্ৰুতিৰে বিজেপি চৰকাৰ গঠন হ'ল ।
কিন্তু মূখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি মিছা হৈ ৰ'ল । উত্তৰ লখিমপুৰ বিদ্যুৎ সংমণ্ডলৰলে ক'ৰোণাৰ সময়তো বিদ্যুৎ মাচুল ৰেহাই নিদি অত্যাধিক বিদ্যুৎ মাচুল সংগ্ৰহ কৰাৰ হে পৰিলক্ষিত হ'ল ।
যাৰ বাবেই বিদ্যুৎ বিভাগৰ বিভিন্ন দুৰ্নীতিৰ বিৰুদ্ধে সোমবাৰে অসম জাতীয়তাবাদী যুৱ পৰিষদে প্ৰতিবাদ মুখৰ হৈ পৰিল।
অতি সোনকালে অত্যাধিক বিদ্যুৎ বিল সমূহ ৰেহাই তথা বিদ্যুৎ বিভাগৰ দুৰ্নীতি আৰু দাবী সমূহ কাৰ্যকৰী নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিলে অসম জাতীয়তাবাদী যুৱ পৰিষদে ।
