অৱনৰিত গুমৰাগ নৃত্যৰ কৰ্মশালা
ফাগুন, যাৰ মিঠা পৰসত অনন্য অপৰূপ সৃষ্টি হয়
ফাগুনে লৈ আহে আশাৰ বতৰা
ফাগুন মানেই যেন শিমলু-মদাৰ ফুলাৰ বতৰ
উন্মাদনা ফাগুনে লৈ আহে লৃগাং অহাৰ বতৰা
ৰিব্ ৰিব্ মলয়া বতাহত প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যত কবিৰ কবিতাত সৃষ্টি হয় ন-ন কবিতা
অসমৰ অন্যতম জনগোষ্ঠী মিচিং সকলৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাঙলৈ মাজত মাথোন কেইটামান দিন বাকী
লৃগাঙলৈ যিমানেই দিন চমু চাপি আহিছে ইমানেই ব্যস্ততাৰ অন্ত নোহোৱা হৈছে বিহুবলীয়া ৰাইজৰ
প্ৰান্তে প্ৰান্তে ঢোলৰ গুমগুমনি আৰু ঐনিতমৰ ছন্দত মুখৰিত হৈ পৰিছে
কনেংহতেও তাতশালত ৰিবি্গাচেং,মাপলাৰ বোৱাত ব্যস্ত হৈ পৰিছে।যেন অ-ঘোষিত প্ৰতিযোগিতাতহে নামি পৰিছে কনেংহত
মুঠৰ ওপৰত আলি আই লৃগাঙক আদৰাৰ বাবে ৰাজ্যবাসী সীমাহীন উচাহৰ অন্ত নোহোৱা হৈছে অৱনৰি কাংকান চাপৰি গাঁৱটো তাৰ ব্যতিক্ৰম নহয়
লৃগাঙৰ বাবে কণ কণ ২০ গৰাকী শিশুক বিনামূলীয়াকৈ নিজা প্ৰচেষ্টাত এমাহজোৰা গুমৰাগ নৃত্যৰ আখৰা কৰাত ব্যস্ত হৈ পৰিছে শৈলেন মেদক নামৰ এগৰাকী সাংস্কৃতিক প্ৰেমী
কণ কণ শিশুহতেও ঢোলৰ তালে তালে ঐনিতমৰ ছন্দত গুমৰাগ নৃত্যৰ আখৰা কৰাত ব্যস্ত