গহপুৰ টেটুনবাৰীত ভয়ংকৰ অগ্নিকাণ্ড ।
পানী নোহোৱাকৈ ঘটনাস্থলীত উপস্থিত হোৱা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীক লৈ স্থানীয় ৰাইজৰ উত্তপ্ত পৰিস্থিতি , টেটুনবাৰীত ।
একেটি পৰিয়ালৰে ৪ টি বাসগৃহ সম্পূৰ্ণ জুইত জাহ ।
৭ লক্ষধিক টকাৰ সা -সামগ্ৰী সম্পূৰ্ণ ভস্মীভূত ।
গহপুৰ টেটুনবাৰীত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে,আজি পুৱা প্ৰায় ৮ বজাত । জানিব পৰা মতে, টেটুনবাৰীৰ বিমল দে ৰ নামৰ লোকজনৰ ৪ টি পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণ ভস্মীভূত হোৱা দেখা গৈছে । পৰিতাপৰ বিষয় এই যে, অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াৰ ৩ ঘণ্টাৰ পিছত পলমকৈ পানী নোহোৱাকৈ জুই নুমোৱাবলৈ অহাত ক্ষোভিত ৰাইজৰ লাঠী- শিলগুটি নিক্ষেপেৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে, ঘটনা স্থানত । ইয়াৰ পৰিপ্ৰেক্ষিতত পৰিয়াল কেইটিৰ কোনো লোক হতাহত হোৱা নাই যদিও সম্পূৰ্ণ জাহ গৈছে , ৭ লক্ষধিক টকাৰ সা- সামগ্ৰী । ইতিমধ্যে, ঘটনা স্থলীত গহপুৰ মহকুমাধিপতি দ্বীপন বৰ্মন উপস্থিত হৈ ঘটনাৰ বুজ লোৱা পৰিলক্ষিত হৈছে । দুবেলা দুমুঠি খাই কোনোমতে জীয়াই থকা দুৰ্ভগীয়া পৰিয়াল কেইটি কান্দোনত ভাগি পৰিছে । কিন্তু, বৰ্তমানলৈকে জুইৰ সূত্ৰপাত কেনেকৈ হ'ল জানিব পৰা হোৱা নাই । চিলিণ্ডাৰৰ পৰা জুই সূত্ৰপাত হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে ,স্থানীয় লোকে ।