ধেমাজি মিচিং আগম কৌবাঙৰ কেন্দ্ৰীয় কাৰ্যালয়ত বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান । মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰাৰ বাবে শোভাযাত্ৰা অনুষ্ঠান ।
ধেমাজি মঃদুম কৌবাং, টাকাম মিচিং পৰিণ কৌবাঙ টাউন কমিটিৰ সহযোগত এক বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে। মিচিং আগম কৌবাঙৰ কাৰ্য্যালয় সম্পাদক য়কচা কুলিয়ে আঁত ধৰা সম্বৰ্দ্ধনা অনুষ্ঠানটিত সভাপতিত্ব কৰে মিচিং দৃৰবৃ কৌবাঙৰ প্ৰাক্তন সম্পাদক একলব্য গামে।সম্বৰ্দ্ধনা অনুষ্ঠানত উপস্থিত থাকে মিচিং দৃৰবৃ কৌবাঙৰ প্ৰাক্তন সভাপতি একলব্য গাম, মিচিং আগম কৌবাঙৰ সভাপতি গোবিন্দ টাইদ, উপ- সভাপতি গোবিন নৰহ, ৰবিন পাতিৰি, হৰিনাৰায়ণ পেগু, সম্পাদক সচিব ডিম্বেশ্বৰ দলে, মিচিং আগম কৌবাঙৰ প্ৰাক্তন সম্পাদক তথা অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ কালিনাথ পাংগিং, সহ সম্পাদক ধনপ্ৰভা মিলি টাৱ, হৰিকান্ত পেগু, মিচিং ভাষা পৰীক্ষা উপ- সমিতিৰ সদস্য সচিব এন চি ডি কলেজৰ অধ্যক্ষ সুৰজিৎ দলে, সক্রিয় সদস্যা তুলাদৈ পায়েং টাইদ, ৰূপা পাইট দলে, প্ৰাক্তন সদস্য চেনিৰাম পাংগিং , মুক্তিনাথ পেগু, কাৰ্যালয় সম্পাদক য়কচা কুলি, গ্ৰন্থাগাৰিক নিৰ্মল নৰহ আদি বিশিষ্ট ব্যক্তি সকলক মিচিংহৌৰককেৰে সম্বৰ্দ্ধনা জনায় ধেমাজি বাংকে মিচিং আগম কৌবাঙৰ লগতে টাকাম মিচিং পৰিণ কৌবাঙ ধেমাজি টাউন কমিটিয়ে। লগতে জোনাইৰ পৰা অনিল টাইদ আৰু ভটুৱাৰ পৰা বসন্ত টাইদেও সম্বৰ্দ্ধনা জনায়। অসম চৰকাৰে মিচিং ভাষাক শিক্ষাৰ শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰাৰ ঘোষনা কৰাৰ বাবে মিচিং ৰাইজে উৎফুলিত হৈ পৰে। ধেমাজি জিলাৰ মিচিং জাতীয় সংগঠনৰ লগতে বাংকে আগম কৌবাঙে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীয়ে মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰাৰ বাবে শোভাযাত্ৰা অনুষ্ঠান আয়োজন কৰাৰ লগতে নৃত্য গীত পৰিৱেশন কৰি আনন্দ স্ফূৰ্তি কৰে। মিচিং আগম কৌবাঙৰ সভাপতি গোবিন্দ টাইদ আৰু সম্পাদক ডিম্বেশ্বৰ দলেই অসম চৰকাৰৰ মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰাৰ ঘোষনা কৰাৰ বাবে অসম চৰকাৰলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি গুৰুত্বপূৰ্ণ বক্তব্য উপস্থিত ৰাইজৰ ওচৰত প্ৰদান কৰে। সভাত বহুকেইজন বিশিষ্ট সন্মানীয় ব্যক্তি সভাত থাকি সভাখনিৰ সৌষ্ঠৱ বৃদ্ধি কৰে।