বিহালীত বাঘৰ সন্ত্ৰাস ।গাঁৱৰ মাজৰ চাহ বাগিছাত অৱস্থান কৰি আছে এটা প্ৰকাণ্ড ঢেকীয়া পতীয়া বাঘ।
বিহালীৰ ৰৌমাৰী গাৱঁৰ এখন ব্যক্তিগত চাহ বাগিছাত এটা প্ৰকাণ্ড ঢেকীয়া পতীয়া বাঘে অৱস্থান কৰাত অঞ্চলটোত এক আতংকময় পৰিবেশ বিৰাজ কৰিছে। পুৱাৰ ভাগতে ৰাইজে দিনৰ ভাগতে বাঘটো মুক্ত বিচৰণ কৰি থকা প্ৰতক্ষ কৰি বন বিভাগ আৰু বিশ্বনাথ জিলা প্ৰশাসনক অৱগত কৰিছে যদিও বাঘটো খেদি পঠিওৱা বা ট্ৰেংকুলাইজ কৰিব পৰা হোৱা নাই। উল্লেখ্য যে বিগত প্ৰায় এমাহ ধৰি বিহালীৰ ৰাংছালী, বতীয়ামাৰী, ৰৌমাৰী, বৰাজুলী আদি অঞ্চলত সন্ত্ৰাস সৃষ্টি কৰি আহিছে আৰু বহু পহুধন মাৰি পেলাইছে। পিছে বন বিভাগৰ লোকে আজিকোপতি বাঘটোক পিঞ্জৰাবদ্ধ কৰাত বিফল হয় আছে। বাঘৰ ভয়ত আজি ৰৌমাৰী গাৱঁত এক আতংকময় পৰিবেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে।
Tags:
Assam news