বিগত ১০ দিন অৱস্থান ধৰ্মগত কৰাৰ পিছতো গা নলৰিল বিভাগীয় আমোলাৰ।
গহপুৰৰ ছয়দুৱাৰ উন্নয়ন খণ্ডত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী অৱস্থান ধৰ্মঘট অব্যাহত ।
বিগত ১০ দিন ধৰি গহপুৰৰ ছয়দুৱাৰ উন্নয়ন খণ্ড কাৰ্যালয়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলে কৰ্ম বিৰতি আৰু অৱস্থান ধৰ্মঘট পালন কৰে যদিও, বিভাগীয় আমোলাৰ গা নলৰিল । ৬০ বছৰলৈ চাকৰি সুনিশ্চিত কৰক। সকলো কৰ্মচাৰীৰে ROP ৰ ব্যৱস্থা কৰক। সকলো কৰ্মচাৰীৰ সম কামৰ সম বেতন নীতি প্ৰযোজ্য কৰক।
চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰা সকলো সুবিধা প্ৰদান কৰক। বিভাগত খালী হোৱা প্ৰতিটো পদৰ বিপৰীতে যোগ্যতা সম্পন্ন প্ৰাৰ্থীক পৰীক্ষা পাতি নিযুক্তি প্ৰদান কৰক। আদি দাবী তুলি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী তুলি অৱস্থান ধৰ্মঘট আৰু কৰ্ম বিৰতি পালন কৰা পৰিলক্ষিত হৈছিল যদিও বিভাগীয় বিষয়াৰ গা নলৰিল আজি লৈকে ।