আলি-আয়ে-লৃগাঙৰ পূৰ্ণ প্ৰস্তুতি# গুমৰাগ নৃত্য,ঐনিতমৰ সুৰেৰে মুখৰিত মাজুলী লাহন মিচিং অধ্যূষিত অঞ্চল
ফাগুন মাহৰ প্ৰথমটো বুধবাৰত অনুষ্ঠিত হয় ভূমি পুত্ৰ মিচিং জনগোষ্ঠীয় লোক সকলৰ কৃষিভৃত্তিক উৎসৱ আলি-আয়ে-লৃগাং।সেই উপলক্ষে মাজুলী লাহন অঞ্চলৰ মিচিং অধ্যূষিত অঞ্চলত এতিয়া ৰাইজৰ মাজত দেখা গৈছে আলি-আই-লৃগাঙক আদৰাৰ ব্যাপক উচাহ আনন্দ। গাৱেঁ গাৱেঁ চলিছে গুমৰাগ নৃত্যৰ আখৰা,। পৰম্পৰাগত পানীয় পঃৰ আপঙ তৈয়াৰ কৰাৰ প্ৰস্তুতি।মাজুলীৰ লাহন গাওঁ শতাধিক কন কন শিশুৰ পৰা আৰম্ভ কৰি যুৱ-যুৱতীলৈকে ব্যস্ত হৈ পৰিছে গুমৰাগ নৃত্যৰ আখৰাত। ঐনিতমৰ সুৰত কঁকাল ঘূৰাই নাচিছে কনেঙে সকলে। মুঠৰ ওপৰত মাজুলী সকলো মিচিং ৰাইজৰ মাজত সমাগত আলি আই লিগাঙ উৎসৱটিক আদৰিবলৈ দেখা গৈছে ব্যাপক উচাহ আনন্দ।
Tags:
Art & culture